বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / যোগদানৰ ধুম অজাপত

যোগদানৰ ধুম অজাপত

একে মঞ্চত ঠিয় হ’ব ৰাইজৰ দল আৰু অজাপ

নগাঁও , ১১ জানুৱাৰী : অসমীয়া গহণাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ সক্ষম হোৱা বিশিষ্ট উদ্যোগী তথা আন্তঃৰাষ্ট্ৰীয় ব্ৰীজ বটা প্ৰাপক উৎপল বণিয়াই অসম জাতীয় পৰিষদত যোগদান কৰিব। আজি নগাঁৱত এখন সংবাদ মেলত এই কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে যুৱ উদ্যোগী গৰাকীয়ে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৮২ নং ৰহা বিধান সভা সমষ্টি সমিতিৰ সহযোগত অহা ১৬ জানুৱাৰীত নগাঁও জিলাৰ কছুৱা তিনি আলিৰ জাতীয় বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া এখন বিশাল গণ সমাবেশত দলটোত যোগদান কৰিব যুৱ উদ্যোগীজনে।

উল্লেখিত সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞা আদিয়ে অংশগ্ৰহণ কৰিব। তাৎপৰ্যপূৰ্ণ যে নগাঁও জিলাৰ ৰণথলিৰ অসমীয়া স্বৰ্ণকাৰ সকলক একত্ৰিত কৰি অসমীয়া কেঁঁচা সোণৰ গহণাক বিশ্বমুখী কৰাৰ চেষ্টা কৰা উৎপল বণিয়াই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ক্ষেত্ৰতো এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।

বিভিন্ন সংগঠনৰ লগত সহযোগিতা কৰিছিল। আজি সংবাদমেলত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ডিজাইনাৰ তথা যুৱ ব্যৱসায়ী উৎপল বণিয়াই কয় “অসম মাতৃক সেৱা কৰাৰ উদ্দেশ্যৰেই  অসম জাতীয় পৰিষদত যোগদান কৰিম। নতুন দলটোৰ জৰিয়তে মই ‘কা’ বিৰোধী সংগ্ৰাম শক্তিশালী কৰাৰ লগতে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ কাম কৰি যাম। ”আজি অসম জাতীয় পৰিষদ (অজাপ) ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্টকৈ কয় “কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নহয় কিন্তু আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ’ব ৷ অতি সোনকালেই এই বিষয়ে এক শুভ সংবাদ শুনিবলৈ পাব অসমৰ ৰাইজে ৷”