দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / শ্ৰীকৃষ্ণ হৰে হৰে,বিজেপি ঘৰে ঘৰে !

শ্ৰীকৃষ্ণ হৰে হৰে,বিজেপি ঘৰে ঘৰে !

মৌৰ্যৰ কঠোৰ সমালোচনা মমতাক

উত্তৰ প্ৰদেশৰ  উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শাসনৰ সময়ত সমগ্ৰ ৰাজ্যবাসী ত্ৰাসিত হৈ থাকিব লগা হৈছে বুলি বেনাৰ্জী চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৷ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পশ্চিম বংগত উপস্থিত হোৱা উপমুখ্যমন্ত্ৰীগৰাকীয়ে কয়“মমতা বেনাৰ্জীৰ দিনত ৰাজ্যৰ জনসাধাৰণে ভয় আৰু শংকাৰ মাজত দিন কটাবলগীয়া হৈছে ৷

আইন শৃংখলা পৰিস্থিতিৰ ভয়ানক অৱনতি ঘটিছে ৷ ইমানৰ পিছতো জনসাধাৰণে মমতা বেনাৰ্জীক পুনৰ শাসনলৈ অহাটো নিবিচাৰিব ৷ আমি জনসাধাৰণক এক পৰিবৰ্তনৰ সোৱাদ দিবলৈ শাসনৰ গাদীত বহাৰ সিন্ধান্ত লৈছোঁ ৷ ”উল্লেখযোগ্য যে বিজেপি দলৰ ফালৰ পৰা মৌৰ্যক পশ্চিম বংগ নিৰ্বাচনৰ বিশেষ কৌশল প্ৰণেতা হিচাপে নিয়োগ কৰা হৈছে আৰু তেওঁ এতিয়ালৈকে ৰাজ্যখন কেইবাবাৰো ভ্ৰমণ কৰিছে ৷ মৌৰ্যই পুনৰ কয় “ শ্ৰীকৃষ্ণ হৰে হৰে,বিজেপি ঘৰে ঘৰে”এতিয়া এই নীতি চলিছে মমতা বেনাৰ্জীৰ পশ্চিম বংগত ৷

ৰাজ্যখনৰ জনসাধাৰণে এতিয়া জয় শ্ৰীৰাম ধ্বনি ঘৰে ঘৰে প্ৰতিধ্বনিত হোৱাতো বিচাৰিছে ৷ বিজেপি দলে ২০০ খন আসন লৈ শাসনলৈ অহাটো নিশ্চিত ৷ পশ্চিমবংগক বিজেপিয়ে এক শংকামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ় প্ৰতিজ্ঞ ৷ ”