সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / সমস্যা শেষ কৰিব নে ৰাখি থব

সমস্যা শেষ কৰিব নে ৰাখি থব

কৃষি আইন সম্পৰ্কত অসন্তুষ্ট ন্যায়ালয়

নতুন দিল্লী,১১ডিচেম্বৰ : উচ্চতম ন্যায়ালয়ে আজি বিতৰ্কিত কৃৃষি আইন সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰে ৷ এই শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ববডেই চৰকাৰক প্ৰশ্ন কৰে“বহুতে আত্মহত্যা কৰিছে,বৃদ্ধ আৰু মহিলাও এই প্ৰতিবাদৰ অংশ হৈছে,প্ৰকৃততে এইবোৰ কি হৈ আছে ? ”“যদি চৰকাৰে এই আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পিছুৱাই নাহে তেন্তে আমি ইয়াৰ ওপৰত স্থগিতাদেশ জাৰি কৰিম”-এনেদৰে সকীয়াই দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে ৷

মুখ্য ন্যায়াধীশ গৰাকীয়ে পুনৰ কয়“কেন্দ্ৰীয় চৰকাৰে এই আইন আনিছিল,গতিকে ইয়াক উঠাই লোৱাৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব গ্ৰহণ কৰা উচিত ৷ ”“ আমি দেখিছোঁ ইখনৰ পিছত সিখন আলোচনা ব্যৰ্থ হৈছে ৷ প্ৰকৃততে হৈছে কি ? আমি দেখিছোঁ প্ৰতিখন আলোচনাই ব্যৰ্থ হৈছে,কোনো সমাধান ওলোৱা নাই ৷

পৰিস্থিতিটো অধিক ভয়াবহ হৈ গৈ আছে ৷ আমি এই পৰিস্থিতিৰ এক সমাধান বিচাৰিছোঁ ৷ আমি পোৱা কোনো আৱেদনত এই আইন কেইখন ভাল বুলি উল্লেখ কৰা হোৱা নাই ৷ ”মুখ্য ন্যায়াধীশ গৰাকীয়ে লগতে প্ৰশ্ন কৰে “এতিয়া আপোনালোকে সমস্যাৰ সমাধান বিচাৰে নে নিজেই সমস্যা হৈ থাকে সেইয়া আপোনালোকে আমাক জনাওক ৷ ”