বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / স্থগিত হ’ব পাৰে আইন !

স্থগিত হ’ব পাৰে আইন !

বিতৰ্কিত কৃষি আইন সন্দৰ্ভত আজি শুনানিৰ অন্তত কাইলৈ পদক্ষেপৰ ইংগিত

নতুন দিল্লী,১১জানুৱাৰী : বিতৰ্কিত কৃষি আইন সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ে ‘স্থগিতাদেশ’ জাৰি কৰিব ! আজি কৃষি আইন সম্পৰ্কত এক শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ “আপোনালোকে এই সমস্যাৰ সমাধান বিচাৰিছে নে নিজেই এক সমস্যা হ’ব বিচাৰিছে” বুলি ন্যায়াধীশ গৰাকীয়ে প্ৰশ্ন কৰে ৷ আজি দুঘণ্টাীয়া শুনানিত কেন্দ্ৰীয় চৰকাৰৰ হৈ যুক্তি দৰ্শাইছিল কে কে বেণুগোপাল আৰু চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৷

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে বাৰে বাৰে একেটাই প্ৰশ্ন কৰে যে ইমান কেইখন বৈঠকৰ পিছতো সমাধান নোহোৱা বিষয়টোত তেওঁলোকে কিয় সংশোধনৰ কথাটোত জোৰ দি আছে ? দুঘণ্টাৰ শুনানিৰ অন্তত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কাইলৈ অৰ্থাৎ ১২ জানুৱাৰীৰ ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকাত এই বিষয়ে এক সিন্ধান্ত গ্ৰহণৰ বাবে বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে ৷