সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / গোবৰৰ ব্যৱহাৰত গুৰুত্ব গাডকাৰীৰ

গোবৰৰ ব্যৱহাৰত গুৰুত্ব গাডকাৰীৰ

গো-হত্যা বন্ধ কৰাৰ কৌশল হ’ব পাৰে গোবৰৰ ব্যৱহাৰ

নতুন দিল্লী,১২জানুৱাৰী : আজি ‘ খাদী প্ৰাকৃতিক পেইণ্ট’ৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে গৰুৰ গোবৰৰ পৰাও বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰি ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাকৃতিক সামগ্ৰীৰে বিভিন্ন ৰং তৈয়াৰ কৰাৰ ফলত কৃষিজাত উদ্যোগৰ ব্যাপক সম্প্ৰসাৰণ হ’ব ৷ তদুপৰি গৰুৰ গোবৰৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰাৰ ফলত গো-পালকসকলে গৰু মাংসৰ বাবে বিক্ৰী কৰাৰ পৰিবৰ্তে গৰু পালনত অধিক মনোনিৱেশ কৰিব ৷