সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নাড্ডাৰ মতে জনজাতিকৰণ হ’ল বোলে !

নাড্ডাৰ মতে জনজাতিকৰণ হ’ল বোলে !

জনজাতিকৰণ প্ৰসংগত প্ৰলোভনৰ ৰাজনীতি

চৰাইদেউ, ১২ জানুৱাৰী : ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰসংগত সৰৱ হৈ উঠিছে জনগোষ্ঠীকেইটাৰ সংগঠনসমূহ। শিলচৰৰ এখন বিশেষ সভাত অংশগ্ৰহণ কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৰা এক মন্তব্য একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সৰৱ হৈ উঠিছে জনগোষ্ঠীকেইটাৰ সংগঠনসমূহ। সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আহোম জাতীয় গণমঞ্চৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতৃবৃন্দই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, “বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে প্ৰতাৰণা কৰিছে ছয় জনগোষ্ঠীক। নিৰ্বাচনৰ আগমূহুৰ্তত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিবাৰেই প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও প্ৰকৃতাৰ্থত প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে চৰকাৰখন। শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বুলি কৈ জনগোষ্ঠীকেইটাক উপলুঙাহে কৰিছে। এই কাৰ্য গৰিহণাৰ যোগ্য। ভৱিষ্যতে এনেধৰণৰ আভুৱা ভৰা মন্তব্যৰে ৰাইজক বিভ্ৰান্ত নকৰিবলৈ টাইপাৰ মজিয়াৰ পৰা সকীয়াই দিছোঁ ৷

” ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখাৰ কৰুণাকান্ত কৈৰীয়ে বিজেপি চৰকাৰৰ স্থিতিহীন মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ জনগোষ্ঠীকেইটাৰ জনসাধাৰণে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে।তেনে সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। এনেধৰণৰ মন্তব্যই সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব।

নিৰ্বাচনৰ আগমূহুৰ্তত এনেধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য কৰি  জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়া হৈছে আটছাৰ তৰফৰপৰা ৷ ” আনহাতে, আহোম জাতীয় গণমঞ্চৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া কল্যাণ গগৈয়ে চৰকাৰক সমালোচনা কৰি কয়, “নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপি চৰকাৰে যি পন্থা হাতত লৈছে সেয়া গৰিহণাৰযোগ্য। জনজাতিকৰণ প্ৰসংগত মিছা কথা কৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছোঁ ৷”