বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / প্ৰধানমন্ত্ৰীক ক’ব নোৱাৰে !

প্ৰধানমন্ত্ৰীক ক’ব নোৱাৰে !

আলোচনাত বহিবলৈ পৰামৰ্শ দিব নোৱাৰে প্ৰধানমন্ত্ৰীক

নতুন দিল্লী,১২জানুৱাৰী : আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৃষি আইন সম্পৰ্কত আৱেদনৰ শুনানি গ্ৰহণ কৰি কৃষি আইন সম্পৰ্কত স্থগিতা দেশ জাৰি কৰে ৷ কিন্তু কৃষকসকলৰ হৈ যুক্তি দৰ্শোৱা অধিবক্তা এম এল শৰ্মাই যুক্তি দৰ্শাই কয় যে কৃষকসকলৰ লগত এতিয়ালৈকে কৃষি মন্ত্ৰী গৰাকী আলোচনাত বহিছে যদিও তেওঁৰ হাতত এই সিন্ধান্ত লোৱাৰ  সৰ্বোচ্চ কৰ্তৃত্ব নাই ৷ গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তেওঁলোকৰ লগত আলোচনাত বহাটো বিচাৰিছে কৃষকসকলে ৷ কৃষকৰ অধিবক্তাৰ এই যুক্তিৰ বিৰোধিতা কৰি মুখ্য ন্যায়াধীশৰ বিচাৰ পীঠে কয় “ আমি প্ৰধানমন্ত্ৰী গৰাকীক এই আলোচনাত বহিবলৈ আহ্বান জনাব নোৱাৰোঁ কাৰণ তেওঁ এই শুনানিৰ এক পাৰ্টি নহয় ৷ ”