দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বংশই কৰিব ধ্বংস !

বংশই কৰিব ধ্বংস !

বংশানুক্ৰমিক ৰাজনীতি গণতন্ত্ৰৰ ধ্বংসৰ মূল

নতুন দিল্লী, ১২জানুৱাৰী : পুৰুষানুক্ৰমিক ৰাজনীতিক গণতন্ত্ৰৰ প্ৰধান শত্ৰু আখ্যা দি আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়“কেৱল পূৰ্বপুৰুষৰ উপাধি লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ এক ভয়ংকৰ পৰম্পৰা আমাৰ দেশত চলি আহিছে ৷ ”দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদৰ এক অধিবেশনত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনেদৰে কয়৷নতুন যুৱচামক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে বংশানুক্ৰমিক ৰাজনীতিয়ে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকেই ধ্বংসৰ পথলৈ লৈ গৈছে ৷

সেয়ে ইয়াত নতুন প্ৰজন্মৰ যোগদান জৰুৰী হৈ পৰিছে ৷ “বংশানুক্ৰমিক ৰাজনীতি কৰা লোকসকলৰ বাবে ৰাষ্ট্ৰ সদায় পিছত,তেওঁ আৰু তেওঁলোকৰ পৰিয়াল সদায় আগত ৷ ইয়াক যদি কলিতে শেষ কৰিব নোৱাৰি তেন্তে ই দেশৰ উন্নয়নত সদায় প্ৰতিবন্ধক হিচাপে ঠিয় দিব ৷”