মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মোডী – শ্বাহ যুটি অসমলৈ

মোডী – শ্বাহ যুটি অসমলৈ

বিহুৰ পিছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী

গুৱাহাটী,১২জানুৱাৰী : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসক দল বিজেপিয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে ৷ দহ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে শিলচৰত এক বিশাল জনসভাত অংশ লৈ কালি নিশাৰ ভাগত গুৱাহাটীত উপস্থিত হৈ দলৰ বিষয়ববীয়াৰ লগত আগন্তুক নিৰ্বাচনৰ কৌশল সম্পৰ্কত আলোচনাত মিলিত হয় ৷

আজি স্বাস্থ্যমন্ত্ৰী তথা উত্তৰ পূৰ্বাঞ্চল গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ অহাৰ সম্ভৱনা আছে আৰু ২৪ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ কথা ৷ গৃহমন্ত্ৰী গৰাকীয়ে এই ভ্ৰমণৰ সময়ত কোকোৰাঝাৰ আৰু নলবাৰীৰ সভাত অংশ ল’ব ৷ এইবাৰ শাসক দল বিজেপিয়ে চৰকাৰ গঠনৰ বাবে ১০০খন আসনত জয়লাভৰ পৰিকল্পনা কৰিছে আৰু সেই উদ্দেশ্যে প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে ৷ উল্লেখযোগ্য যে ২০১৬ চনত দলটোৱে অসম গণ পৰিষদ আৰু বড়ো পিপুলচ ফ্ৰণ্টৰ লগত মিত্ৰজোট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ সেই নিৰ্বাচনত বিজেপিয়ে ৬০ খন ,অগপই ১৪ খন আৰু বিপিএফ দলে ১২ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷