বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মৰ্মান্তিক !

মৰ্মান্তিক !

ৰেংবেঙত শোকাবহ পথ দুৰ্ঘটনা- দুজন থিতাতে নিহত, আহত তিনি

নগাঁও,১২ জানুৱাৰী : নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেঙত আজি সন্ধিয়া সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত দুজন লোক নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিহত লোক দুজন হ’ল- চিন্নত বে (২৮) আৰু সান্দৰসিং হাঞ্চে(৩২) ৷ দুৰ্ঘটনাটোত আন তিনিজন আহত হয়। আহত কেইজন হৈছে-চিতৰ সিং টেৰণ (৩৫),অৰুণ কিলিং (২৫) আৰু তাপস দাস (৩০)।এই সকলৰ ভিতৰত চিন্নত বে’ৰ ঘৰ হাওৰাঘাটত আৰু সান্দৰসিং হাঞ্চেৰ ঘৰ বোকাজানত।

আনহাতে, চিতৰ সিং টেৰণৰ ঘৰ ডকমকাত,অৰুণ কিলিঙৰ ঘৰ বোকাজানত আৰু বলেৰখনৰ চালক তাপস দাসৰ ঘৰ ডিফুত। আহত তিনিজনৰ ভিতৰত চিতৰ সিং টেৰণ আৰু তাপস দাসৰ  অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জানিব পৰামতে আধাৰ কাৰ্ডৰ কামৰ বাবে ডিফুৰ পৰা আঞ্জুকপানীলৈ অহা লোক কেইজনে নিজৰ কাম সমাপ্ত কৰাৰ পিচত এ এছ ০১ ই এম ৯৬৫৭ নম্বৰৰ বলেৰ’ গাড়ীৰে উভতি গৈছিল।যোৱাৰ পথত এন এল ০৩ এ ০২৯২ নম্বৰৰ এখন ট্ৰাকে বলেৰখনক খুন্দা মাৰে। ফলত দুজন লোক থিতাতে নিহত হয়। প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰামতে ট্ৰাকখন ভুল পথৰে আহি বলেৰখনক খুন্দা মাৰিছিল।