সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / স্থগিতাদেশ দিলে কৃষি আইনত

স্থগিতাদেশ দিলে কৃষি আইনত

এখন সমিতি গঠনৰ পৰামৰ্শ দিলে ন্যায়ালয়ে

নতুন দিল্লী,১২জানুৱাৰী : প্ৰতিবাদী কৃষকৰ আন্দোলনে ৪৮ দিনত ভৰি দিয়াৰ দিনাই উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ সেই অনুসৰি এই নতুন কৃষি আইন বলবৎ কৰাৰ ওপৰত সম্পূৰ্ণ স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোনো নতুন নিৰ্দেশনা নিদিয়ালৈকে এই স্থগিতাদেশ বাহাল থাকিব ৷ তদুপৰি এখন সমিতি গঠন কৰি সেই সমিতিখনে সকলো পক্ষৰ লগত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত বহা বিচাৰপীঠে দুয়ো পক্ষকে গঠন হ’বলগীয়া সমিতিৰ বাবে সদস্য নিৰ্বাচন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ উক্ত বিচাৰপীঠে কৃষি অৰ্থনীতিবিদ অশোক গুলেটী,আন্তৰ্জাতিক নীতি নিৰ্ধাৰক ডক্টৰ প্ৰমোদ যোশীক সমিতিৰ সদস্য হিচাপে ৰখাৰ পৰামৰ্শ প্ৰদান কৰে ৷ ইয়াৰোপৰি ন্যায়ালয়ে সকলো প্ৰতিবাদকাৰীক একেটা স্থানতে সমবেত হোৱাৰ বাবে এক নিৰ্দেশনা জাৰি কৰাৰ কথাও ঘোষণা কৰে ৷

সেই অনুসৰি জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে ৰামলীলা মৈদান অথবা ব’ট ক্লাৱ উপযুক্ত প্ৰতিবাদ স্থল হ’ব বুলি জানিবলৈ দিয়ে ৷ তদুপৰি অহা ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত ট্ৰেক্টৰ ৰেলী ওলিওৱা বিষয়টো সম্পৰ্কত দিল্লী আৰক্ষীয়ে নিষেধাজ্ঞা আৰোপৰ বাবে দিয়া আৱেদন সম্পৰ্কতো সিন্ধান্ত লোৱাৰ কথা দোহাৰে ৷ “ইয়াত কোনো ৰাজনীতিৰ কথা নাই ৷ ৰাজনীতি আৰু ন্যায়পালিকাৰ মাজত বৃহৎ পাৰ্থক্য আছে ৷ সেয়ে কৃষকৰ সংগঠনবোৰে আমাক সহযোগিতা আগবঢ়োৱা উচিত”-এনেদৰে জনোৱা হয় ন্যায়ালয়ৰ তৰফৰ পৰা ৷ আনহাতে, সংযুক্ত কিষাণ মৰ্চাৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰা হৈছিল যে তেওঁলোকে কোনো সমিতিৰ সদস্য হোৱাত আগ্ৰহী নহয় ৷”