বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / গডছে ‘সন্ত্ৰাসবাদী’ নে ‘দেশভক্ত’!

গডছে ‘সন্ত্ৰাসবাদী’ নে ‘দেশভক্ত’!

স্বাধীন ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদী গডছে

গুৱাহাটী,১৩ জানুৱাৰী : মালেগাওঁ বিস্ফোৰণৰ অভিযুক্ত তথা বিজেপিৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক এগৰাকী দেশভক্ত সজোৱা বিষয়টোত তীব্ৰ সমালোচনা কৰিছে অসম কংগ্ৰেছে ৷ অসম কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই কয় এগৰাকী সন্ত্ৰাসবাদীক সাংসদলৈ পঠিয়ালে তেওঁৰ পৰা সন্ত্ৰাসক সমৰ্থন কৰা ধৰণৰ কথাবতৰাই পোৱা যাব ৷

ইয়াত কোনো অস্বাভাৱিকতা নাই ৷ এনেকুৱা ধৰণৰ মন্তব্যই পৰোক্ষভাৱে সন্ত্ৰাসবাদক উচতনি দিয়ে ৷ ”স্বাধীন ভাৰতৰ প্ৰথমগৰাকী সন্ত্ৰাসবাদী  নাথুৰাম গডচে বুলি অলপতে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগবিজয় সিঙে মন্তব্য কৰাৰ পিছত প্ৰজ্ঞা ঠাকুৰে কয়“ প্ৰকৃত দেশপ্ৰেমিকক  সন্ত্ৰাসবাদী সজোৱাতো  কংগ্ৰেছৰ এক পৰম্পৰা৷গতিকে এই বিষয়ে মই মন্তব্য নিদিওঁ ৷

”প্ৰজ্ঞা ঠাকুৰে এইবাৰেই প্ৰথম নহয় ,ইয়াৰ আগতেও এনেধৰণৰ মন্তব্য কৰিছিল আৰু পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটাৰ বাৰ্তা যোগে কৈছিল যে “মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডচেক দেশভক্ত সজোৱা কথাটোত মই তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ৷”