দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চাৰিপুনীয়াত মৎস্য চিকাৰ

চাৰিপুনীয়াত মৎস্য চিকাৰ

আঙুৰলতাই ধৰিলে মাছ

নগাঁও,১৩ জানুৱাৰী : উৰুকাৰ সামূহিক মৎস চিকাৰ কৰাৰ যি ঐতিহ্যময় পৰম্পৰা আছিল সেই গ্ৰাম্য জীৱনৰ চহকী পৰম্পৰাক জীপাল কৰি আজি হাতে হাতে পল’, জাকৈ – খালৈ লৈ নাৱত উঠি চাৰিপুনীয়া বিলত  মাছ ধৰিবলৈ গ’ল বিধায়িকা আঙুৰলতা ডেকা। ৰৌ, মিৰিকা,চিতল মাছ ধৰি উৎফুল্লিত বিধায়িকা আঙুৰলতাই বটদ্ৰৱাৰ মহিলা সকলৰ লগত একেলগে গালে বিহু। অসমৰ থলুৱা সংস্কৃতিৰ অজানা কথাবোৰ স্বচক্ষে প্ৰত্যক্ষ কৰি অসমৰ  গ্ৰাম্যজীৱনৰ জীৱন যাত্ৰাৰ   লগত ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ প্ৰস্তুতিত এইদৰে ব্যস্ত হৈ পৰিছে বিধায়িকা আঙুৰলতা ৷

চাৰিপুনীয়া বিলত স্থানীয় লোকৰ সৈতে পল’,জাকৈ, খালৈ লৈ মাছ ধৰাত এক নান্দনিক পৰিবেশৰ সৃষ্টি হয়। চাৰিপুনীয়া বিলত মাছ ধৰি বিহু নাচি মাছ মাৰি আনন্দত মতলীয়া  হৈ পৰে আঙুৰলতা ডেকা ৷ আজি ভোগালীৰ উৰুকা।  ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতায়ো সমষ্টিটোৰ চাৰিপুনীয়া বিলত স্থানীয় মহিলাৰ সৈতে বিহু নাচি মাছ ধৰি আনন্দত মতলীয়া হৈ পৰে।বিধায়িকাগৰাকীয়ে মাছ মৰা দৃশ্য চাবলৈ বুধবাৰে লোকে লোকাৰাণ্য হৈ পৰে চাৰিপুনীয়া বিলৰ পাৰ। অৱশ্যে অভিনেত্ৰী হিচাপে “বাঁকৰ পুতেক” নামৰ চলচিত্ৰত পানীত নামি মাছ ধৰা অভিজ্ঞতাৰ লগতে আগতে গাঁৱত মাছ ধৰা অভ্যাস  থকাত মাছ ধৰাত বিশেষ অসুবিধা নাই হোৱা বুলিও ব্যক্ত কৰে বিধায়িকা গৰাকীয়ে ৷