মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভোগালীতেই অনশন

ভোগালীতেই অনশন

অখিলৰ মুক্তিৰ দাবীত প্ৰতিবাদত বহিল ৰাইজৰ দল

যোৰহাট,১৩ জানৱাৰী : সমগ্ৰ ৰাজ্যতে আজি ভোগৰ উৎসৱ ভোগালী উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । হাঁহে মাহে এসাজ সমজুৱাকৈ খোৱাৰ বাবে বজাৰত ভিৰ কৰিছে ৰাইজে , কিন্তু আজিৰ দিনতোটো বিনাদোষত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত বন্দী ৰাইজৰ দলৰ প্ৰতিস্থাপক সভাপতি অখিল গগৈ । অখিল গগৈৰ বিৰুদ্ধে শাসকীয় পক্ষই কৰা এনে অন্যায়ৰ প্ৰতিবাদত অখিল গগৈৰ মুক্তি আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি ভোগালীৰ উৰুকা যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ দলৰ যোৰহাট জিলাৰ সদস্যসকলে আৰম্ভ কৰিছে ২৪ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰবীণ দাসে অখিল গগৈৰ বিৰুদ্ধে শাসকীয় পক্ষই কৰা ষড়যন্ত্ৰৰ বিষয়ে মন্তব্য কৰি কয়  ” সম্পূৰ্ণ আক্ৰোশমূলকভাৱে চৰকাৰে ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি অখিল গগৈক কাৰাগাৰত বন্দী কৰি থৈছে । গতিকে আজি এই উৰুকাৰ দিনা এই প্ৰতিবাদস্থলীৰ পৰাই ফেচিষ্ট চৰকাৰখনক সকীয়াই দিছো যে অনতিপলমে তেওঁক মুক্তি দিব লাগে , নহ’লে অখিল গগৈক ভালপোৱা অসমৰ প্ৰতিজন ব্যক্তিয়ে জেললৈ যাবলৈ বাধ্য হ’ব ।

“ফেচিষ্ট চৰকাৰখনৰ বিপক্ষে ক্ষোভ উজাৰি ৰাইজৰ দলৰ যোৰহাট জিলাসমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাই কয়  “বিনা দোষত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আজি প্ৰায় এবছৰতকৈও অধিক সময় কাৰাগাৰত বন্দী কৰি থৈছে । গতিকে তেওঁক অতি শীঘ্ৰে মুক্তি দিব লাগে । নহ’লে ৰাইজৰ দলৰ সহযোগত অসমৰ সকলো জনসাধাৰণে ইয়াৰ প্ৰতিবাদত জেল ভৰো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব । “