সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘লহৰী’ত প্ৰতিলিপি জ্বলাব কৃষকে

‘লহৰী’ত প্ৰতিলিপি জ্বলাব কৃষকে

ট্ৰেক্টৰ ৰেলী অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ কৃষক

নতুন দিল্লী,১৩ জানুৱাৰী : দিল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলে কাইলৈ পৱিত্ৰ উৎসৱ ‘লহৰী’ৰ দিনা কৃষি আইনৰ প্ৰতিলিপি জ্বলাব ৷ আনহাতে,অমৃতসৰৰ পৰা এক বৃহৎ ট্ৰেক্টৰ ৰেলী দিল্লী অভিমুখে ৰাওনা হৈছে ৷ এনেদৰে ট্ৰেক্টৰ ৰেলী কৰি যোৱাৰ লক্ষ্য হ’ল অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰা ৷

আনহাতে,কেন্দ্ৰীয় মন্ত্ৰী সোম প্ৰকাশে সকলোকে পুনৰবাৰ সকীয়াই দিছে যে উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত যিহেতু স্থগিতাদেশ জাৰি কৰিছে ইয়াক লৈ অযথা হৈ চৈৰ সৃষ্টি কৰা উচিত নহয় ৷ উল্লেখযোগ্য যে বিগত ৪৯ দিনে কৃষকসকলে দিল্লীৰ তিনিটা সীমান্ততে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিকূল বতৰতো অলপো বিৰতি নোহোৱাকৈ কৃষকে প্ৰতিবাদ চলাই আছে ৷ মহিলা,শিশু,বৃদ্ধ কোনো এই প্ৰতিবাদৰ পৰা বিৰত থকা নাই ৷