সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / গোনাই যুঁজিলে গোমোঠাত

গোনাই যুঁজিলে গোমোঠাত

পৰম্পৰা ৰক্ষা কৰিহে এৰিলে গোমোঠাবাসীয়ে

নগাঁও,১৪ জানুৱাৰী : এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ আনফালে ন্যায়ালয়ৰ বাধা।ইয়াৰ মাজতেই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি  অনুষ্ঠিত হ’ল ম’হ যুঁজ। ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ।

বোপা ককা দিনৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজত আৰু কেইবাহালো গোনা ম’হে যুঁজ কৰে । আনহাতে, কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম’হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । 

নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত প্ৰায় ৪২ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে । উল্লেখ্য যে জনবিশ্বাস অনুসৰি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হ যুঁজ ।