শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰয়োজনত ৫বছৰ থাকিব পথতে !

প্ৰয়োজনত ৫বছৰ থাকিব পথতে !

প্ৰতিবাদ পাঁচ বছৰ চলাত আপত্তি নাই কৃষকৰ

নতুন দিল্লী,১৪জানুৱাৰী : প্ৰতিবাদী কৃষকৰ আন্দোলনে আজি ৫০ দিনত ভৰি দিলে ৷ আঠবাৰ কৈ আলোচনাত বহাৰ পিছতো কোনো সমাধানৰ দিশে গতি কৰা নাই কৃষি আইনৰ বিষয়টোৱে ৷ ১৫ জানুৱাৰীত পুনৰ নৱম লানি আলোচনাত বহাৰ কথা আছে  দুয়ো পক্ষ৷কিন্তু এই অমীমাংসিত বিষয়টো সন্দৰ্ভত যোৱা ১২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰে ৷ উক্ত শুনানিৰ পিছত ন্যায়ালয়ে এই আইনৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে৷পৰবৰ্তী জাননী নিদিয়া পৰ্যন্ত এই স্থগিতাদেশ বাহাল থাকিব ৷

অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতো কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে ৷ ভাৰতীয় কিষাণ ইউনিয়নৰ মুখ্য মুখপাত্ৰ ৰাকেশ টিকায়েটেে কয় “ এখন চৰকাৰে যদি পাঁচ বছৰ দেশ চলাব পাৰে তেন্তে এই প্ৰতিবাদ পাঁচ বছৰলৈ চলাত অসুবিধা ক’ত ? ”