সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন বনায়ো অশান্তি !

ভেকচিন বনায়ো অশান্তি !

কোনো আইনী সাহাৰ্য নাপায় প্ৰতিষ্ঠানে

নতুন দিল্লী,১৪ জানুৱাৰীঃ ক’ভিড মহামাৰীৰ প্ৰতিষেধক বিগত ৪৮ ঘণ্টাত দেশৰ বিভিন্ন প্ৰান্তলৈ ভাৰত চৰকাৰে সৰবৰাহ কৰাৰ সময়তে আন এটা গুৰুত্বপূৰ্ণ বিষয়ে বিগত সপ্তাহত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ যদি কোনো ব্যক্তিয়ে ক’ভিড মহামাৰীৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত কোনো পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈ শাৰীৰিকভাৱে আক্ৰান্ত হৈ পৰে,তেতিয়া সেই আক্ৰান্ত ব্যক্তিজনে বা তেওঁৰ পৰিয়ালে প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বিপক্ষে ক্ষতিপূৰণ বিচাৰি আইনী ব্যৱস্থা ল’ব পাৰিব নে নাই সেইবিষয়ে যথেষ্ট অনিশ্চয়তাৰ সৃষ্টি হৈছিল ৷ সাধাৰণতে কোনো ব্যক্তিয়ে কোনো ঔষধ বা প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছত অসুস্থ হৈ পৰিলে ,নিশ্চয়কৈ সেই  ব্যক্তিজন বা তেওঁৰ পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ দাবী কৰাৰ এক আইনী প্ৰক্ৰিয়া থাকে ৷

কিন্তু ক’ভিড মহামাৰীৰ প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠানক এই ক্ষেত্ৰত আইনী সুৰক্ষা বা indemnity protection প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত  দাবী উত্থাপন হৈছিল ৷ প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ ওপৰিও একাংশ সংবাদ মাধ্যমে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল যে আইনী সুৰক্ষা প্ৰদান নকৰিলে এনে সংকটময় পৰিস্থিতিত কোনো ঔষধ প্ৰতিষ্ঠানে ইমান বৃহৎ ব্যয় কৰি মহামাৰীৰ প্ৰতিষেধকৰ বিষয়ে গৱেষণা ইত্যাদি কৰিবলৈ নাযায় ৷ কিন্তু একে সময়তে প্ৰশ্ন উত্থাপন হৈছিল যে এই মহামাৰীৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছত সম্ভাব্য ক্ষতিৰ বাবে যদি ঔষধ প্ৰতিষ্ঠানসমূহক জবাবদিহি কৰা নহয়,তেন্তে ক্ষতিগ্ৰস্ত সাধাৰণ লোকসকলৰ প্ৰতি এক বৃহৎ অন্যায় কৰা হ’ব ৷

সেইবাবে ঔষধ প্ৰতিষ্ঠানসমূহক আইনী সুৰক্ষা বা indemnity protection প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আন এক দাবী উত্থাপন হৈছিল ৷ এই সকলো বিতৰ্ক তথা জল্পনা-কল্পনাৰ ওৰ পেলাই কেন্দ্ৰীয় চৰকাৰে শেহতীয়া ভাৱে ঘোষণা কৰিছে যে আন সকলো ঔষধ প্ৰতিষ্ঠানৰ দৰে ক’ভিড মহামাৰীৰ প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠানেও আইনী সুৰক্ষাৰ কোনো কবচ নাপাব৷ অৰ্থাৎ এই প্ৰতিষেধক লোৱাৰ পাছত কোনো ব্যক্তিৰ শাৰীৰিক কোনো ক্ষতি হলে সংশ্লিষ্ট ঔষধ প্ৰতিষ্ঠানটোৱে ক্ষতিপূৰণ ভৰিব লাগিব ৷ উল্লেখযোগ্য যে ভাৰতত সদ্যহতে দুই প্ৰতিষ্ঠান ক্ৰমে ছিৰাম ইনষ্টিটিউট তথা ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকক কেন্দ্ৰীয় চৰকাৰে যাবতীয় অনুমতি প্ৰদান কৰিছে ৷