বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মেজিয়ে নাশ কৰক বিভেদৰ ৰাজনীতি !

মেজিয়ে নাশ কৰক বিভেদৰ ৰাজনীতি !

ঐতিহাসিক ৰংঘৰৰ পদূলিত প্ৰতিবাদ

চৰাইদেউ, ১৪ জানুৱাৰী : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ উৎসাহ-উদ্দীপনাৰ মাজতে আজি সাম্প্ৰদায়িক তথা ফেচীবাদী ৰাজনীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিল বিভিন্ন জন। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক তথা ফেচীবাদী ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠনটোৱে  শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত মাঘ বিহুৰ পুৱাৰ পৰাই বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ আৰম্ভ কৰিলে আন্দোলন ।


ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু জাতিধংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সংগঠনটোৱে আজি ৮ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়।
ঐতিহাসিক ৰংঘৰৰ পদূলিত পুৱাৰ পৰাই আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে জাতিধ্বংসী বুলি অভিহিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী উত্থাপন কৰে।


প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি গৰাকীয়ে কয়, “বিজেপি চৰকাৰখনৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাৰাৰুদ্ধ হৈ থাকিব লগীয়া হৈছে কৃষক নেতা অখিল গগৈ। বিজেপিয়ে অসমত সাম্প্ৰদায়িক তথা ফেচীবাদী ৰাজনীতি আৰম্ভ কৰিছে। অসম আৰু অসমীয়াৰ স্বাভিমানত আঘাট হানিব বিচৰা বিজেপিৰ এই কূটকৌশল উফৰাই নতুন এক ৰাজনৈতিক বিকল্পৰ সন্ধান কৰিব লাগিব অসমবাসীয়ে। অনথ্যা অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব”।
ঐতিহাসিক ৰংঘৰৰ পদূলিৰ পৰাই ‘কা’ বাতিল আৰু অখিলৰ মুক্তিৰ বাবে সবৰ্বৃহৎ আন্দোলনত সহযোগিতাৰ বাবে অসমবাসীৰ প্ৰতি আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ এগৰাকী বিষয়ববীয়াই কয়, “মেজিৰ জুইত জাহ যাওক সাম্প্ৰদায়িক-ফেচীবাদৰ ৰাজনীতি। অসমীয়া সমাজখন ভাগ ভাগ কৰিব বিচৰা বিজেপিৰ সকলো ষড়যন্ত্ৰ ২০২১ ৰ নিৰ্বাচনত উফৰাই পেলোৱাটো অতি প্ৰয়োজন”। 


ইফালে বিগত এটা বছৰে ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈক অতিশীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনাই প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিজন আন্দোলনকাৰীয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ নমনাৰ সংকল্প গ্ৰহণ কৰে।
শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ পদূলিত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।