সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / যোৰহাটত আজি জেল ভৰো

যোৰহাটত আজি জেল ভৰো

সকলোকে জেলত ভৰাওক

যোৰহাট,১৪জানুৱাৰী : আপোচহীন কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক শাসকীয় পক্ষই অন্যায়ভাৱে কাৰাগাৰত বন্দী কৰি ৰখাৰ প্ৰতিবাদত আজি ৰাইজৰ দল যোৰহাট জিলা সমিতিয়ে  যোৰহাট সদৰ থানাত জেল ভৰো কাৰ্যসূচী গ্ৰহণ কৰে । ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰবীণ দাস আৰু অখিল গগৈৰ অনুৰাগী শতাধিক লোকৰ উপস্থিতিত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ পৰা কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰবিণ দাসে কয় ” বিজেপি চৰকাৰখনে অখিল গগৈলৈ ভয় কৰে , কিয়নো অখিল গগৈৰ আহ্বানত হাজাৰ হাজাৰ লোকে ওলাই আহিব ৰাজপথলৈ , অসমৰ ওপৰত অন্যায়ভাৱে জাপি দিয়া কা’ ৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰাৰ কাৰণেই মিছা সাক্ষী বনাই অখিল গগৈক নিৰ্বাচন পৰ্যন্ত  জেলত থবলৈ কৰা প্ৰচেষ্টাক আমি কেতিয়াও সফল হ’বলৈ নিদিওঁ ।

হয়, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক নহয় আমাকো জেলত ভৰাই থওক । ” আজিৰ জেল ভৰো কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দল যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাই কয়  ” অখিল গগৈৰ জনপ্ৰিয়তাত শংকিত শাসকীয় দল , গাদী ৰক্ষাৰ স্বাৰ্থত অখিল গগৈক অন্যায়ভাৱে বন্দী কৰি থোৱাৰ প্ৰতিবাদত যোৰহাটবাসী ৰাইজৰ সহযোগত ৰাইজৰ দল যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি এই জেল ভৰো কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, ইয়াৰ জৰিয়তে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক সকীয়াই দিব খুজিছোঁ বিনাচৰ্তে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিব লাগে , অন্যথা  অখিল গগৈৰ মুক্তিৰ প্ৰতিবাদত ইয়াতকৈ কঠোৰ আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ’ম ৷ ”