শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / লাইকাবাসীৰ লগত লুৰিণ

লাইকাবাসীৰ লগত লুৰিণ

খিলঞ্জীয়াৰ কথা ভাৱক চৰকাৰে

গুৱাহাটী,১৪ জানুৱাৰী : ডিব্ৰু-ছৈখোৱাৰ লাইকা-দধীয়াত যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া লোকসকল ভূমিপুত্ৰ হৈও বিদেশীৰ দৰে বসবাস কৰিব লগীয়া হৈছে। বনগাঁওৰ দোহাই দি এই লোকসকলক সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। জাতি-মাটি-ভেটিৰ কথা কৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালৰ জন্মস্থান মুলুকগাঁওৰ পৰা মাত্ৰ ২-৩ কিলোমিটাৰ আঁতৰৰ প্ৰায় ১২হাজাৰ এই লোকসকলে আন ঠাইত সংস্থাপনৰ বাবে সংগ্ৰাম কৰি আহিছে।

কা আইনৰ জৰিয়তে  হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে বৰ পীৰা পাৰি দিয়া সোণোৱাল চৰকাৰে এই ভূমিপুত্ৰ সকলৰ বাবে যোৱা প্ৰায় ৫টা বছৰে একো নকৰিলে। আজি বিয়লি ৪ বজাত সভাপতি লুৰীণজ্যোতি গগৈ লাইকা-দধীয়াবাসীৰ সতে সহমৰ্মিতা প্ৰকাশ কৰাৰ উদ্দেশ্যে সেই ঠাইত উপস্থিত হব।

লগতে ভোগালী বিহুৰ দিনটোত তেওঁলোকৰ সৈতে এসাঁজ আহাৰ গ্ৰহণ কৰিব। লাইকা-দধীয়াবাসীৰ সতে নিশাটোও কটাব গগৈয়ে ৷ এতিয়ালৈকে প্ৰতিবাদস্থলীত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে ৷ “কেৱল শ্লোগানত জাতি,মাটি ,ভেটিৰ কথা ক’লে নহ’ব,হিন্দু বাংলাদেশীক সংস্থাপনৰ কথা ভবা চৰকাৰে খিলঞ্জীয়াৰ সংস্থাপনৰ ব্যৱস্থা কৰক ৷ অন্যথা এই প্ৰতিবাদ চলিবই”- এনেদৰে কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷