বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰী

অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰী

আইন শৃংখলা পৰিস্থিতিৰ কথা সুধিলেই খং উঠে নীতিশ কুমাৰৰ

পাটনা,১৫ জানুৱাৰী : ইণ্ডিগ’ বিমানৰ ষ্টেচন মেনেজাৰ ৪০ বছৰীয়া ৰূপেশ কুমাৰক হত্যা কৰাৰ পিছত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছে বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰ ৷ ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহ অৱনতি ঘটা বুলি বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলে সমালোচনাৰে থকাসৰকা কৰিছে মিত্ৰজোঁটৰ চৰকাৰখনক ৷ উল্লেখযোগ্য য়োৱা মংগলবাৰে নিজৰ ফ্লেটৰ সন্মুখত কোনো অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই ৰূপেশ কুমাৰক হত্যা কৰাৰ পিছত আজি প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰিছিল নীতিশ কুমাৰে ৷ কিন্তু সেই সংবাদমেলত সাংবাদিকে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ বিষয়ে প্ৰশ্ন কৰাত খঙত ধৈৰ্য্যচ্যুতি ঘটিল মুখ্যমন্ত্ৰী গৰাকীৰ ৷ সাংবাদিকক তেওঁ ওলোটাই প্ৰশ্ন কৰিলে “ আপোনালোকক কোনে শিকাই দিছে এনেদৰে সুধিবলৈ ?২০০৫ চনৰ আগত বিহাৰৰ পৰিস্থিতি কেনেকুৱা আছিল ? ”