সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অধিকাৰ কাঢ়ি লোৱাটো এক পৰম্পৰা !

অধিকাৰ কাঢ়ি লোৱাটো এক পৰম্পৰা !

কৃষি আইন উঠাই ল’বই লাগিব

নতুন দিল্লী,১৫ জানুৱাৰী : আজি বিৰোধী দল কংগ্ৰেছে সমগ্ৰ দেশতে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ দিল্লী সীমান্তত প্ৰতিবাদ চলাই থকা কৃষকসকলৰ প্ৰতিবাদে ইতিমধ্যে ৫০ দিন সম্পূৰ্ণ কৰিলে ৷ এই কৃষকসকলৰ প্ৰতিবাদৰ সমৰ্থনত আজি কংগ্ৰেছ দলে সমগ্ৰ দেশজুৰি ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছে ৷ দিল্লীত এই কাৰ্যসূচী ৰূপায়ণৰ নেতৃত্বত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা বাদ্ৰা ৷

কিষাণ অধিকাৰ অভিযানৰ এক অংশস্বৰূপে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে  কংগ্ৰেছ দলটোৱে ৷ “বিজেপি চৰকাৰে এই আইনখন উঠাই ল’বই লাগিব ৷ আমি এই আইন সম্পূৰ্ণৰূপে বাতিল হোৱাতো বিচাৰিছোঁ ৷ এই আইনে কৃষকক সহায় নকৰে বৰঞ্চ শেষ কৰি পেলাব’-এনেদৰে কয় ৰাহুল গান্ধীয়ে ৷

“ইয়াৰ আগতেও নৰেন্দ্ৰ মোডী চৰকাৰে ভূমি অধিগ্ৰহণ আইনৰ জৰিয়তে কৃষকৰ ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছিল যদিও কংগ্ৰেছে ইয়াক মানি নোলোৱাৰ ফলত ই কাৰ্যকৰী নহ’ল ৷ কৃষকৰ অধিকাৰ খৰ্ব কৰাতো বিজেপিৰ এক পৰম্পৰা”-পুনৰ এনেদৰে কয় গান্ধীয়ে ৷

উল্লেখযোগ্য যে দিল্লী,হাৰিয়ানা,পাঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ কৃষকে চলোৱা প্ৰতিবাদক নেতৃত্ব দিয়া সংগঠনৰ ঐক্য মঞ্চই এতিয়ালৈকে আঠ বাৰ আলোচনাত বহিও কোনো সমাধান সূত্ৰ ওলিয়াব পৰা নাই ৷ আজি দুয়ো পক্ষৰ  নৱম লানি বৈঠক অনুষ্ঠিত হৈছে ৷