দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আদানীয়ে বিমানবন্দৰ ল’লে ডুবিব দেশ !

আদানীয়ে বিমানবন্দৰ ল’লে ডুবিব দেশ !

আদানী গ্ৰুপৰ দ্বাৰা ৬টা বিমানবন্দৰৰ অধিগ্ৰহণ বিতৰ্কৰ নতুন মোৰ

নতুন দিল্লী,১৫ জানুৱাৰী : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ লগতে আন ৬টা বিমান বন্দৰ বিগত বৰ্ষত দেশৰ বিখ্যাত  প্ৰতিষ্ঠান আদানী গ্ৰুপৰ দ্বাৰা দীৰ্ঘ সময়ৰ বাবে অধিগ্ৰহণ কৰাৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত নতুন তথ্য পোহৰলৈ আহিছে ৷ উল্লেখযোগ্য যে একে  প্ৰতিষ্ঠানৰ দ্বাৰা দেশৰ প্ৰধান ৭টা বিমান  বন্দৰ যথাক্ৰমে গুৱাহাটী,মাঙ্গালোৰ,আহমেদাবাদ,লক্ষ্ণৌ,জয়পুৰ,মুম্বাই, তিৰুৱনন্তপুৰম আদানী গ্ৰুপৰ দ্বাৰা লীজত লোৱা প্ৰক্ৰিয়াটোৰ স্বচ্ছতা সমন্ধে যথেষ্ট প্ৰশ্ন উত্থাপন হৈছিল ৷

বিশেষকৈ পৃূৰ্বে বিমান বন্দৰ নিৰ্মাণ বা পৰিচালনাৰ ক্ষেত্ৰত তেনে কোনো অভিজ্ঞতা নথকা এক  প্ৰতিষ্ঠানৰ এই ‘সফলতাত’ এক বুজন সংখ্যক লোকে আশ্চৰ্য প্ৰকাশ কৰিছিল ৷ এই গোটেই প্ৰক্ৰিয়াটো যে নিকা নাছিল,তাৰ আন এক শেহতীয়া প্ৰমাণ খোদ চৰকাৰৰ দুটা প্ৰধান বিভাগৰ পৰাই এতিয়া উন্মোচিত হৈছে ৷ দেশৰ এক প্ৰখ্যাত বাতৰি প্ৰতিষ্ঠান ‘ইণ্ডিয়ান এক্সপ্ৰেছৰ’ দ্বাৰা প্ৰকাশিত এক বাতৰিত দেশৰ বিত্ত মন্ত্ৰালয়ে তথা নীতি আয়োগৰ বিভিন্ন নথি পত্ৰৰ উদ্ধৃতি দি সংবাদ পৰিবেশন কৰা হৈছে যে এই দুই বিভাগৰ দ্বাৰা একে উদ্যোগ প্ৰতিষ্ঠানক দুটাতকৈ অধিক বিমানবন্দৰৰ মেৰামতি তথা পৰিচালনা কৰিবলৈ দিয়া প্ৰসংগটোৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল ৷

এই বিৰোধিতাৰ প্ৰধান কাৰণ আছিল যে বিত্ত মন্ত্ৰালয়ে বিভাগীয় পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হৈছিল যে এই ৭টা বিমান বন্দৰৰ আধুনিকীকৰণত যথেষ্ট পুঁজিৰ আৱশ্যক হ’ব ৷ সেইবাবে একে  প্ৰতিষ্ঠানক দুটাতকৈ অধিক বিমান বন্দৰৰ আধুনিকীকৰণৰ দ্বায়িত্ব দিলে সমগ্ৰ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হোৱাই নহয় দেশৰ বিত্তীয় প্ৰতিষ্ঠান সমূহে মাত্ৰ এটা উদ্যোগী প্ৰতিষ্ঠানকে সমগ্ৰ পুঁজি যোগান ধৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব তথা এনে পৰিস্থিতি দেশৰ সামগ্ৰিক বিত্তীয় পৰিস্থিতিৰ প্ৰতি ভাবুকি হৈ পৰিব পাৰে বুলি বিত্ত মন্ত্ৰালয়ে আশংকা প্ৰকাশ কৰিছিল ৷

উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ ১০ ডিচেম্বৰত বিত্ত মন্ত্ৰালয়ে এই আশংকাৰে এক বিভাগীয় টোকা প্ৰস্তুত কৰাৰ দিনাই নীতি আয়োগৰ দ্বাৰাও আন এক বিভাগীয় টোকাৰ যোগেদি প্ৰয়োজনীয় কাৰিকৰী অভিজ্ঞতা নথকা প্ৰতিষ্ঠানক বিমান বন্দৰৰ আধুনিকীকৰণৰ ঠিকা আবণ্টন দিয়াত আপত্তি দৰ্শোৱা হৈছিল ৷ কিন্তু অতি আচৰিত ধৰণে বিত্ত বিভাগ তথা নীতি আয়োগৰ এই বিভাগীয় টোকা দুটাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে কোনো আলোচনাই নকৰিলে তথা পূৰ্বৰ বিমান বন্দৰ পৰিচালনা বা আধুনিকীকৰণৰ কোনো অভিজ্ঞতা নথকা আদানী গ্ৰুপকে দেশৰ ৭টা প্ৰধান বিমান বন্দৰৰ দায়িত্ব অৰ্পন কৰিলে ৷