সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ঋণ দি দেউলীয়া বেংক !

ঋণ দি দেউলীয়া বেংক !

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ঋণ দি ৰাষ্ট্ৰীয়কৃত বেংক সমস্যাত

নতুন দিল্লী, ১৫ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো বছৰ বছৰ ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কাৰ্য চলি থকা তথা ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱা কথা নতুন নহয় ৷ কিন্তু এতিয়া এই জৰাজীৰ্ণ তথা দীৰ্ঘসময় ধৰি মেৰামতি কাৰ্য চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহে এতিয়া ৰাষ্ট্ৰীয়কৃত বেংক সমূহকো জলাকলা খুৱাইছে ৷ দেশৰ সংসদীয় পৰ্যালোচনা সমিটিক প্ৰদান কৰা এক প্ৰতিবেদন অনুসৰি মাত্ৰ তিনিটা ৰাষ্ট্ৰীয়কৃত বেংক ক্ৰমে ষ্টেট বেংক অৱ ইণ্ডিয়া,পাঞ্জাৱ নেছনেল বেংক,চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ প্ৰায় ১০,০০০কোটি টকাৰ ঋণ সদ্যহতে NPA(non performing assets)বুলি ঘোষণা কৰা হৈছে ৷

মাত্ৰ তিনিটা ৰাষ্ট্ৰীয়কৃত বেংকৰ ইমান বৃহৎ পৰিমাণৰ ঋণ NPAবুলি ঘোষিত হোৱাত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে দেশৰ বেংক প্ৰতিষ্ঠানসমূহে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা মেৰামতিৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক প্ৰায় ২লাখ কোটিৰ ঋণ প্ৰদান কৰিছে ৷ এতিয়া এই বৃহৎ সংখ্যক ঋণৰ প্ৰকৃততে কিমান শতাংশ NPA বুলি ঘোষিত হৈছে,তাক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছে ৷ সংসদীয় কমিটিৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত প্ৰধানতঃ ভূমি অধিগ্ৰহণত  সৃষ্টি হোৱা সমস্যাৰ বাবেই বেংক সমূহৰ ইমান বৃহৎ সংখ্যক ঋণৰ ক্ষেত্ৰত জটিলতা আহি পৰা বুলি কোৱা হৈছে ৷