শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চাৰিলেনৰ বাবে হেৰাইছে ঐতিহ্য !

চাৰিলেনৰ বাবে হেৰাইছে ঐতিহ্য !

কাকজানবাসীৰ বেজাৰ

যোৰহাট,১৫ জানুৱাৰী : চাৰিলেন যুক্ত পথ সম্প্ৰসাৰণৰ বাবে ভাঙি পেলোৱা হ’ল যোৰহাট কাকজানৰ ঐতিহ্য মণ্ডিত মাধ্যমিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ কাকজান মধ্য ইংৰাজী বিদ্যালয় । জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা , সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অধ্যয়ন কৰা এই বিদ্যালয়খন ভাঙি নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ লগত জড়িত স্বৰ্ণিল ইতিহাস চিৰদিনলৈ হেৰাই যোৱাৰ আশংকাত ত্ৰস্তমান হৈছে শুভাকাংক্ষীসকল ।

এই সম্পৰ্কত কাকজানৰ বিশিষ্ট ব্যক্তি শিক্ষাবিদ অৰুণ বৰদলৈয়ে কয়  ” কাকজান মধ্য ইংৰাজী বিদ্যালয় বৃহত্তৰ কাকজান অঞ্চলটোৰ এসময়ৰ এক অভিজাত শিক্ষা প্ৰতিষ্ঠান আছিল, এইখন বিদ্যালয়তে অসমৰ সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,নলিনীধৰ ভট্টাচাৰ্য,বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই অধ্যয়ন কৰিছিল ।

ইয়াৰ পিছতো ইয়াৰ পৰা যথেষ্ট সংখ্যক বিদ্বৎ ব্যক্তি ওলাইছে , যিসকলে আজি অসমৰ বিভিন্ন ক্ষেত্ৰত  অৱদান আগবঢ়াই আহিছে । এনে এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ চাৰিলেন পথ সম্প্ৰসাৰণৰ বাবে ভাঙি পেলোৱাত যথেষ্ট দুখ লাগিছে । যদিও কাকজান মধ্য ইংৰাজী বিদ্যালয়ৰ নতুন গৃহনিৰ্মাণ কৰা হৈছে তথাপি ইয়াৰ পুৰণি ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । ”