মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰথম ‘পেভিলিয়ন’ত ঐতিহ্যৰ সমাহাৰ

প্ৰথম ‘পেভিলিয়ন’ত ঐতিহ্যৰ সমাহাৰ

উদুলি-মুদুলি ৰংঘৰৰ বাকৰি

চৰাইদেউ, ১৫ জানুৱাৰী : পহিলা মাঘৰ দিনটোত বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হ’ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি। আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে জিলিকি উঠিল ৰংঘৰৰ চোতাল। আহোম জনগোষ্ঠীৰ লোকনৃত্য, বিহু, আও নগাসকলৰ পৰম্পৰাগত নৃত্য, দেউৰী, মিচিং, তিৱা জনগোষ্ঠীয় সংস্কৃতিৰ অপূৰ্ব সমাহাৰ ঘটি পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন পুনৰবাৰ প্ৰতিফলিত হ’ল ৰংঘৰৰ বাকৰিত।

উল্লেখযোগ্য যে আহোম জনগোষ্ঠীৰ অন্যতম সংগঠন টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত পহিলা মাঘৰ দিনটোত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হ’ল ৰংপুৰ মেলা। মূলতঃ আহোম ৰাজত্বকালৰ পৰম্পৰাগত খেল-ধেমালি তথা সংস্কৃতিক নৱ প্ৰজন্মৰ সন্মুখত ডাঙি ধৰাৰ উদ্দেশ্যে ২০১১ চনৰ পৰা অনুষ্ঠিত কৰি অহা হৈছে ৰংপুৰ মেলাৰ। সেই অনুসৰি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ৰংপুৰ মেলা অনুষ্ঠিত কৰি পুৰণি পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হয়।

কড়ি খেল, ঢোপ খেল, ঘিলা খেল আদি অনুষ্ঠিত কৰি টাইপাই নৱ প্ৰজন্মৰ সন্মুখত চিনাকি কৰি দিলে আহোমৰ ঐতিহ্য। পুৱা টাইপাৰ পতাকা উত্তোলন, মৈদাম তৰ্পনেৰে শুভাৰম্ভ হোৱা ৰংপুৰ মেলা সন্দৰ্ভত টাইপাৰ এগৰাকী বিষয়ববীয়াই কয়, “আহোম ৰাজত্বৰ ৰাজধানী গড়গাঁৱৰ পৰা  ১৬৯৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহই ৰংপুৰ অৰ্থাৎ মেটেকাৰ টেঙাবাৰীলৈ তুলি আনি শাল কাঠৰ খুটাৰে দুমহলীয়াকৈ  চাংঘৰ সাজি তাৰ পৰাই বিভিন্ন খেল-ধেমালি, পশু-পক্ষীৰ যুঁজ উপভোগ কৰিছিল ।

সেই ৰংপুৰ নগৰতে ১৭৪৪-৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ পকী দুই মহলীয়া ৰংঘৰ। এছিয়াৰ প্ৰথমটো পেভেলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউ সকলে উপভোগ কৰিছিল শেন-কনুৱাৰ যুঁজ,বাঘ-ঘোঙৰ যুঁজ, ম’হ যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি ।

কড়ি-ঢোপকে ধৰি বৰ্তমান বিলুপ্তপ্ৰায় খেল সমূহো উপভোগ কৰিছিল ৰংঘৰৰ বাকৰিত । আনহাতে, গছ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতেই ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউ সকলে । সেয়ে আহোম স্বৰ্গদেউ সকলৰ সেই পৰম্পৰাক সজাই-পৰাই সকলোৰে আগত চিনাকি কৰি দিবলৈকে টাইপাই ২০১১ চনৰপৰা ৰংপুৰ মেলা আয়োজন কৰি আহিছে ৷ ”