শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / লক্ষ্যস্থান মাথো শিৱসাগৰ !

লক্ষ্যস্থান মাথো শিৱসাগৰ !

এইবাৰ মাটিৰ পট্টা দিবলৈ আহিব মোডী

চৰাইদেউ, ১৫ জানুৱাৰী : “জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ চাৰে চাৰি বছৰত কৰিবপৰা সকলোখিনি কামেই কৰিছে চৰকাৰে। ৰাজ্যৰ এক লাখ লোকক ইতিমধ্যে মাটিৰ অধিকাৰ দিয়া বিজেপি চৰকাৰৰ দিনত আৰু এক লক্ষাধিক মাটিৰ পট্টা সাজু হৈ আছে। সেই মাটিৰ পট্টা দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা ২৩ জানুৱাৰীত শিৱসাগৰত উপস্থিত হ’বহি” – এই মন্তব্য ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ।

উল্লেখযোগ্য যে ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ কুচ-কাৱাজ। প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে। সমান্তৰালকৈ নৱ গঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক অসমৰপৰা বিদায় দিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

তেনে সময়তে শাসনাধিষ্ঠ বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে উপ সভাপতি তথা অসম বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই অসম ভ্ৰমণ কৰি ইতিমধ্যে ৰাজনৈতিক বতাহ বলাই থৈ গৈছে অসমত। তেনে সময়তে অহা ২৩ জানুৱাৰীত ঐতিহাসিক শিৱসাগৰৰ জেৰেঙা পথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিবলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। যিখন সভাত প্ৰায় দুই লক্ষাধিক লোকৰ সন্মুখত ভাষণ প্ৰদান কৰা লগতে এক লক্ষাধিক লোকৰ মাজত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰিব।

এই জনসভা অনুষ্ঠিত হ’বলগীয়া স্থান ঐতিহাসিক শিৱসাগৰৰ জেৰেঙা পথাৰ ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিভাগীয় কৰ্মচাৰী তথা দলীয় কৰ্মীৰ উপস্থিতিত ভোগালী বিহুৰ দিনটোতে পৰিদৰ্শন কৰে। ইফালে ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শিৱসাগৰলৈ আহি বিশাল জনসভাত সম্বোধন কৰিবলগীয়া কাৰ্যসূচীয়ে আচলতে আগন্তুক নিৰ্বাচনৰ ৰণডংকা বজাবলৈ অহাৰ উমান দিছে।

আনহাতে, কিছুদিন পূৰ্বে শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত  লক্ষাধিক লোকৰ সমাগম হোৱাৰ পাছত  পুনৰ শিৱসাগৰতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশাল জনসভা অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যই ঐতিহাসিক শিৱসাগৰক ৰাজনৈতিক অভিকেন্দ্ৰলৈ পৰিণত কৰিছে বুলিব পাৰি। ইফালে আগন্তুক নিৰ্বাচনলৈ মাজত মাথোঁ তিনিটা মাহ বাকী থকা অৱস্থাত মাটিৰ পট্টা বিতৰণৰ জৰিয়তে দুই লক্ষাধিক লোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰি এয়া যে নিৰ্বাচনী ৰণডংকা সেই কথা একপ্ৰকাৰ নিশ্চিত কৰিছে।