বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হৰিষতে বিষাদ

হৰিষতে বিষাদ

১৩জনৰ মৃত্যু

বাংগালুৰু,১৫ জানুৱাৰী : কৰ্ণাটকৰ ধাৰোৱাদ জিলাত আজি সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে ৷ ইতিগাতি ক্ৰছিঙৰ সমীপত যাত্ৰীভৰ্তি মিনি বাছখনে এখন ট্ৰাকক  খুন্দিওৱাৰ  ফলত উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা অধিকাংশই মহিলা ৷

দেৱাংগিৰিৰ পৰা গোৱা অভিমুখী বাছখনৰ যাত্ৰীসকল গোৱাৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে তালৈ গৈছিল৷। দুৰ্ঘটনা সংঘটিত হোৱাৰ আগে আগে যুৱতী তথা মহিলা সকলে যাত্ৰাৰ সময়ৰ এক ফটো তুলি অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে যোৱাৰ আপডেট ফেচবুকত পষ্ট কৰিছিল ৷

ধাৰোৱাদ জিলাৰ আৰক্ষী অধীক্ষক কৃষ্ণ কান্তে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ লগতে উদ্ধাৰ কাৰ্যৰো তদাৰক কৰি আছে ৷ উক্ত দুৰ্ঘটনাত আহত অধিকাংশৰে অৱস্থা সংকটজনক ৷ আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ঘটনাটোত দুখ প্ৰকাশ কৰি এক টুইটাৰ বাৰ্তাত কয়“ মৃত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ ”