বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আকাশ চুবৰ মন প্ৰীঞ্চিৰ !

আকাশ চুবৰ মন প্ৰীঞ্চিৰ !

দুয়োখন হাত নাই অথচ হাত থকাতকৈ 'শক্তিশালী'

চৰাইদেউ,১৬ জানুৱাৰী : সোণাৰিৰ বিশেষভাৱে সক্ষম প্ৰীঞ্চিক লাগে এটা সংস্থাপনজীৱন যুঁজত জয়ী হ’ব খোজা প্ৰীঞ্চিৰ দুচকুত আছে অলেখ সপোন ৷

প্ৰত্যাহ্বানকো নেওচি জীৱন যুঁজত আগবাঢ়ি যোৱা সোণাৰিৰ এগৰাকী যুৱতী, যিয়েই এটা সাধাৰণ পৰিয়ালত ডাঙৰ-দীঘল হৈ এতিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত হোৱাই নহয় পৰিয়ালটোৰো আশা-ভৰসাৰ থল হৈ পৰিছে। সেই গৰাকী যুৱতীৰ বিষয়ে ইতিমধ্যে পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে ‘প্ৰত্যাহ্বান’ শীৰ্ষক এটা পাঠ। সোণাৰিৰ এইগৰাকী বিশেষভাৱে সক্ষম যুৱতী প্ৰীঞ্চি গগৈয়ে ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰি আহিছে। আগ্ৰহ থাকিলে যে অসাধ্য একো নাই তাৰেই প্ৰমাণ সোণাৰিৰ প্ৰীঞ্চি গগৈ। জন্মৰেপৰা  দুয়োখন হাত নথকা প্ৰীঞ্চি হ’ব পাৰে হাজাৰ গৰাকী যুৱতীৰ প্ৰেৰণা।

প্ৰীঞ্চি অদম্য সাহসৰ প্ৰতীক। সোণাৰিৰ এইগৰাকী যুৱতীয়ে নিজৰ অদম্য মনোবলৰ বাবে দুয়োখন হাত নথকা স্বত্বেও শিক্ষাগ্ৰহণ কৰাৰ লগতে বৰ্তমান গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত কৰ্মৰত। মন কৰিবলগীয়া যে বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ ওপৰত নিৰ্মিত  Rising Sun নামৰ এখন তথ্যচিত্ৰত এইগৰাকী প্ৰতিভাৱান যুৱতীয়ে অংশগ্ৰহণ কৰিছে । চিত্ৰশিল্পৰ প্ৰতি বিশেষভাৱে আগ্ৰহী যুৱতী প্ৰীন্সিয়ে ইতিমধ্যে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে। প্ৰীঞ্চিয়ে আমাৰ লগত হোৱা কথোপকথনত কয়, “সৰুতে বিভিন্ন জনে মোক এৰাই চলিছিল যদিও মই হাৰ মনা নাই এতিয়ালৈকে। নিজৰ ওপৰত বিশ্বাস আছে। দুয়োখন হাত নাই যদিও মনত থকা অদম্য সাহসৰ বাবেই আজি ভৰি দুখনৰ জৰিয়তেই বিভিন্ন কাম কৰিবলৈ সক্ষম হৈছোঁ। কিছু কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় যদিও ঘৰৰ মানুহখিনিৰ সহায়ত সেইবোৰ প্ৰত্যাহ্বান পাৰ হৈ যাবলৈ সক্ষম হৈছোঁ ৷ ”


 মন কৰিবলগীয়া যে এটা সাধাৰণ পৰিয়ালত ডাঙৰ-দীঘল হৈ বিশেষ ভাৱে সক্ষম স্বত্বেও নিজৰ কৰ্মত নিয়োজিত এইগৰাকী প্ৰীঞ্চিয়ে লাভ কৰা নাই চৰকাৰী সুবিধা। চৰকাৰক বিভিন্ন সময়ত আবেদন জনাই অহাৰ পাছতো চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই আজিলৈকে। এটা সাধাৰণ ঘৰতে বাস কৰা এইগৰাকী প্ৰিঞ্চিৰ পৰিয়ালটোক লাগে এতিয়া চৰকাৰী সহায়। প্ৰীঞ্চিৰ মাতৃয়ে কয়, “প্ৰীঞ্চি এতিয়া ডাঙৰ হৈছে। তাইৰ প্ৰতিটো অভাৱ পূৰণ কৰিবলৈ আমি সক্ষম নহয়। যদিও তাই গুৱাহাটীৰ নেমকেয়াৰত কৰ্মৰত তথাপিও চৰকাৰী সংস্থাপন এটাৰহে অধিক প্ৰয়োজন”। নেমকেয়াৰ কৰ্তৃপক্ষক ধন্যবাদ জনায় তেখেতে কয়, ”হিতেশ চাৰে যদি প্ৰীঞ্চিক নেমকেয়াৰ হাস্পাতালত সুবিধা দিয়া বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

তেখেতৰ দৰে মানুহ আছে বাবেই আজিও সমাজখন জীয়াই আছে”। ইফালে পেছাত এগৰাকী ৰাজমিস্ত্ৰী প্ৰীঞ্চিৰ দেউতাকে জীয়ৰীৰ সাফল্যত সুখী বুলি অনুভৱ ব্যক্ত কৰা লগতে তাই ৰাইজৰ ছোৱালী বুলি মন্তব্য কৰে।

 বিশেষভাৱে সক্ষম এইগৰাকী যুৱতীয়ে নিজৰ মনোবল, আগ্ৰহ, একাগ্ৰতাৰ বাবেই নিজকে উজ্বলাই তুলিবলৈ সক্ষম হৈছে। প্ৰত্যাহ্বান নেওচি দূৰ দিগন্তলৈ যাত্ৰা কৰাৰ সপোন দেখা এইগৰাকী যুৱতী সকলোৰে আদৰ্শ হওক তাৰেই কামনা কৰিছোঁ।