বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কেৰালাক লৈ উদ্বিগ্ন ছোনিয়া

কেৰালাক লৈ উদ্বিগ্ন ছোনিয়া

মাতি পঠিয়ালে শীৰ্ষ নেতৃত্বক

নতুন দিল্লী,১৬ জানুৱাৰী : কেৰালাৰ স্থানীয় নিকায়ৰ নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলে খুব বেয়াকৈ মুখথেকেচা খোৱাৰ পিছত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দলটোৰ শীৰ্ষ নেতাসকলক দিল্লীলৈ মাতি পঠিয়াইছে ৷ কেৰালা কংগ্ৰেছৰ সভাপতি মোল্লাপল্লী ৰামচন্দ্ৰন,প্ৰাক্তন মুখ্যমন্ত্ৰী অ’মেন চান্দী আৰু বিৰোধী নেতা ৰমেশ চেনিথেলা আজি আহি নতুন দিল্লীত উপস্থিত হৈছেহি ৷ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এই চেনিথেলা ৷ দলৰ গৰিষ্ঠসংখ্যক সদস্যৰ মতে চেনিথেলাক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিলে গুৰুতৰ সংকটৰ সন্মুখীন হ’ব কংগ্ৰেছ দল ৷ আনহাতে, মোল্লাপল্লী ৰামচন্দ্ৰনে কয় “আমি আমাৰ নিজৰ মাজত কথা পাতিবলৈ আহিছোঁ ৷ আমাৰ মূল লক্ষ্য হ’ব বৰ্তমানৰ চৰকাৰখনৰ দুৰ্নীতিৰ বিষয়টো ইছ্যু হিচাপে লৈ নিৰ্বাচনত জয়লাভ কৰা ৷ আমাৰ দলক লৈ মিছা কাহিনী বনাই প্ৰচাৰ কৰাটো আমি বিচৰা নাই ৷ ”