বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘টোপনি বাইদেউ’ক লগ নেৰে অভিযোগে

‘টোপনি বাইদেউ’ক লগ নেৰে অভিযোগে

খৰালিতো পানী সোণাৰিৰ পথত

চৰাইদেউ, ১৬ জানুৱাৰী :  খৰালি কালতো অৰ্থাৎ জানুৱাৰী মাহতো  বোকা-পানীৰে উপচি পৰিছে সোণাৰিৰ এটা পথ। হয়, সোণাৰি সমষ্টিৰ এটা বিধ্বস্ত পথৰ কথাই ক’ব বিচৰা হৈছে যিটো পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিছে পথাচাৰীয়ে। আচলতে বাটপথৰ দুৰৱস্থাৰ যেন ওৰ নপৰিব সোণাৰি বিধানসভা সমষ্টিত। সমষ্টিটোৰ ভজোৰ টিয়ক বগৰীগুৰীৰপৰা বৰহোলাবাম সংযোগী পথটোৰ দুৰৱস্থাই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে যাৰ ফলত আগন্তুক নিৰ্বাচনৰ পূৰ্বে পথটোৰ নিৰ্মাণ নকৰিলে ভোট বৰ্জন কৰাৰ লগতে কোনো জনপ্ৰতিনিধিকেই প্ৰচাৰ কৰিবলৈ অঞ্চলটোত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকে।

মন কৰিবলগীয়া যে, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে বিগত বৰ্ষতে SOPD ৰ অধীনত আধাৰশিলা স্থাপন কৰিছিল ভজোৰ টিয়ক বগৰীগুৰীৰপৰা বৰহোলাবাম সংযোগী পথটোৰ। কিন্তু অতি পৰিতাপৰ কথা যে অক্টোবৰ মাহতে আধাৰশিলা স্থাপন কৰাৰ পাছতো আজিলৈকে শিল এটাও নপৰিল পথটোত।  ফলত বোকা-পানীৰ মাজেৰে ৬ খনকৈ গাঁওৰ ৰাইজে অতি বিপদজ্জনক ভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে। সেয়ে এতিয়া ক্ষোভিত হৈ পৰিছে জনসাধাৰণ।

পথটোৰে যোৱা এগৰাকী বাইক আৰোহীয়ে কয়, “এজাক বৰষুণতে বোকাময় হৈ পৰা পথটো বিপদজ্জনক হৈ পৰিছে। যাৰ ফলত অহা-যোৱা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে”। স্থানীয় এগৰাকী যুৱকে কয় যে ,”সন্মুখত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবেই  স্থানীয় বিধায়িকা নৱনীতা সন্দিকৈয়ে  আধাৰশিলা স্থাপন কৰি স্থানীয় লোকক ললিপপ দিলে। এতিয়া আমো নাই ফৰ্মুটিও নাই ।

পথটো নিৰ্মাণৰ বাবে আজিলৈকে শিলগুটি এটাও পৰা নাই। সেয়েহে অতি সোনকালে পথ নিৰ্মাণ কৰিবলৈ আমি দাবী জনাইছোঁ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণ সম্পন্ন নহয় তেতিয়া হ’লে জনপ্ৰতিনিধিৰ প্ৰৱেশ বন্ধ কৰাৰ লগতে নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা হ’ব ৷ ইফালে গুৰুত্বপূৰ্ণ এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত সুবিধা কৰি দিবলৈ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে।