বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন ভাললৈ নে কাললৈ !

ভেকচিন ভাললৈ নে কাললৈ !

নিজে নলৈ আনক দিয়াটো ভাল হোৱা নাই

নতুন দিল্লী,১৬ জানুৱাৰী : দেশৰ ভিতৰতে বৃহৎ ভেকচিন প্ৰদান কাৰ্যসূচী আজি আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই কংগ্ৰেছ দলে তীক্ষ্ণ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোডীক ৷ আনন্দপুৰৰ কংগ্ৰেছ সাংসদ চাহেব মনীষ তিৱাৰীয়ে কয় যে যদি এই ভেকচিন ইমানেই উপকাৰী আৰু সঁচাকৈয়ে ই কামত আহে তেন্তে কোনো এগৰাকী চৰকাৰী বিষয়া অথবা ৰাজনীতিকে এই প্ৰতিষেধক লোৱা নাই কিয় ? বিশ্বৰ বিভিন্ন দেশত যেতিয়া ক’ভিড ভেকচিন প্ৰদান কৰা হৈছিল,দেশবাসীক সেই ভেকচিন প্ৰদান কৰাৰ আগতে দেশৰ মূৰব্বী নিজে লৈছিল আৰু জনসাধাৰণক নিৰ্ভয় প্ৰদান কৰিছিল ৷ কিন্তু আমাৰ দেশত এনেকুৱা পৰিৱেশ হোৱা নাই ৷ ”