বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভেকচিন ল’লে কিন্তু ভয় লগা নাই

ভেকচিন ল’লে কিন্তু ভয় লগা নাই

নগাঁৱতো আৰম্ভ ভেকচিন প্ৰদান

নগাঁও, ১৬ জানুৱাৰী : সমগ্ৰ দেশ তথা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নগাঁও জিলাতো ক’ৰনা মহামাৰী প্ৰতিৰোধৰ টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় আৰু কঠিয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকচিনৰ টিকাকৰণ প্ৰক্ৰিয়াৰ  আজি প্ৰথম পৰ্যায়ৰ টিকাকৰণৰ শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে সংবাদ মাধ্যমৰ কয়“ চৰকাৰে ক’ৰনা প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰিব বিচৰা টিকাকৰণ সঠিক ভাবে প্ৰদান কৰিব লাগিব।

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অগ্ৰাধিকাৰ ভিত্তিত টিকাকৰণ প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। টিকাকৰণ লোৱাৰ পাছতো সংশ্লিষ্ট সকলে স্বাস্থ্য বিধি মানি সতৰ্কতাৰে থাকিব লাগিব। তেতিয়াহে আমি নিজক সুৰক্ষিত কৰি ৰখাৰ লগতে সমাজ আৰু দেশক সুৰক্ষিত কৰিব পাৰিম। এই টিকাকৰণ প্ৰক্ৰিয়াৰ অনুষ্ঠানত নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অতুল চন্দ্ৰ পাটৰ, অতিৰিক্ত জিলা আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ মতিউৰ ৰহমানৰ লগতে বিভাগটোৰ চিকিৎসক কৰ্মচাৰী সকলে  অংশ গ্ৰহণ কৰে।

আৰম্ভণিতে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিড ভেকচিন লোৱা প্ৰথমগৰাকী কভিড যোদ্ধা তথা স্বাস্থ্য কৰ্মী হ’ল লাৱণ্য দেৱী। তেওঁ সংবাদ মাধ্যমৰ আগত কয় “ক’ভিড ভেকচিনে আমাক আৰু শক্তিশালী কৰিব। এতিয়াৰে পৰা আৰু শক্তিশালী ৰূপত আমি ক’ভিডৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব পাৰিম। ক’ভিড ভেকচিনে আমাৰ উপকাৰহে কৰিব, ইয়াৰ অপকাৰিতাৰ বিষয়ে সামাজিক মাধ্যমত সৃষ্টি কৰা অপপ্ৰচাৰক আমি গুৰুত্ব নিদিওঁ ৷

“তদুপৰি, আজিৰ আৰম্ভণিতে নগাঁও  অসামৰিক চিকিৎসালয়ত কভিড ভেকচিন লোৱা প্ৰথম ১০ জনীয়া দলৰ ভিতৰত আছে ক্ৰমে – চিকিৎসালয় খনৰ অধীক্ষক ডা: ললিত চন্দ্ৰ নাথ, চিকিৎসক ডা: জে কে‌ দাস, ডা: মুকুট ডেকা, ডা: মুকুট বৰা, ডা: প্ৰবীন ৰৰুৱা, জি এন এম ৰেখামণি কলিতা আদি ৷ আজি দুয়োটা স্থানতে ১০০ গৰাকীকৈ মুঠ ২০০ গৰাকী স্বাস্থ্য কৰ্মীক এই টিকা প্ৰদান কৰা হয়। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত স্বাস্থ্য বিভাগৰ চিকিৎসক, স্বাস্থ্য কৰ্মীক এই টিকাকৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।