বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভয় নাখাব,চিন্তা নাই !

ভয় নাখাব,চিন্তা নাই !

গুৱাহাটীতো আৰম্ভ ভেকচিন প্ৰদান কাৰ্যসূচী

গুৱাহাটী,১৬ জানুৱাৰী : আজি সমগ্ৰ দেশৰ লগতে অসমৰ ৬৫ টা স্থানত ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় “এই ভেকচিন প্ৰদান কাৰ্যসূচী দেশৰ ভিতৰতে সৰ্ববৃহৎ আৰু ই নিৰাপদ ৷ কোনো অপপ্ৰচাৰক গুৰুত্ব নিদিব ৷ ”
গুৱাহাটীত ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কামৰূপ মহানগৰ জিলাৰ ৩ খন চিকিৎসালয়ত আজিৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ  প্ৰতিষেধক প্ৰদান কাৰ্যসূচী৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ লগতে সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী হস্পিতালত এই অভিযান  আৰম্ভ  কৰা হৈছে ৷


নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰাৰ পাছতেই স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পূৰ্বে ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় টীকাকৰণ অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ  প্ৰধান সচিব সমীৰ সিনহা, প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডা° লক্ষ্মণন এছ, কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰ নাথ নাটে, স্বাস্থ্য সঞ্চালক ৰথীন্দ্ৰ ভূঞা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডা° অচ্যুৎ কুমাৰ বৈশ্য, কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰী, কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ডা° অভিজিৎ শৰ্মাও উপস্থিত থাকে ৷

 
ৰাজ্যৰ প্ৰথম তিনিটা প্ৰতিষেধক প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক ডা° উমেশ চন্দ্ৰ শৰ্মা, ডা° ধ্ৰুৱজ্যোতি বৰা আৰু পদ্মশ্ৰী ডা° ইলিয়াছ আলিক৷
প্ৰতিটো কেন্দ্ৰত দৈনিক ১০০ জনকৈ ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ প্ৰথম পৰ্যায়ত চিকিৎসক-চিকিৎসা কৰ্মী, দ্বিতীয় পৰ্যায়ত আৰক্ষী-নিৰাপত্তাৰক্ষীকে ধৰি ফ্ৰণ্টলাইন কৰ্মী সকল আৰু তৃতীয় পৰ্যায়ত পঞ্চাশ উৰ্ধৰ আৰু পঞ্চাশৰ তলৰ কিন্তু আন ৰোগত আক্ৰান্ত ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷


অহা ৩ মাহৰ ভিতৰত ৩ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মাই ৷ ক’ভিড ভেকচিনৰ দুয়োটা ড’জ একেটা কোম্পানীৰ হ’ব লাগিব ৷ ১৮ বছৰৰ অনুৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃক এই প্ৰতিষধক দিয়া নহ’ব ৷ এলাৰ্জীৰ সমস্যা থকা লোককো ক’ভিড ভেকচিন দিয়া নহ’ব ৷
প্ৰথম প্ৰতিষেধক লোৱাৰ ২৮ দিনৰ ভিতৰত দ্বিতীয় প্ৰতিষেধক দিয়া হ’ব ৷ দ্বিতীয়টো ড’জ লোৱাৰ ১৪ দিনৰ পাছত দেহত ক’ভিড-প্ৰতিৰোধী ক্ষমতা গঢ় লৈ উঠিব ৷