মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / যোৰহাটতো আৰম্ভ ভেকচিন প্ৰদান

যোৰহাটতো আৰম্ভ ভেকচিন প্ৰদান

তদাৰক কৰিলে উপায়ুক্তই

যোৰহাট,১৬ জানুৱাৰী : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে ক’ভিড ১৯ ৰ প্ৰতিষেধক প্ৰদান । প্ৰথামাৱস্থাত যোৰহাটৰ ১০ জন বিশিষ্ট চিকিৎসকক এই প্ৰতিষেধক প্ৰদান কৰি শুভাৰম্ভ কৰা এই প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি অপাৰঞ্জী কাৰাটি ।

প্ৰথাৱস্থাত ৩,৮৪০ টা ড’জ যোৰহাটে লাভ কৰা বুলি উল্লেখ কৰি যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত কয়  ” প্ৰথম অৱস্থাত আজি যোৰহাটৰ ১০ জন বিশিষ্ট চিকিৎসকক কভিড ভেকচিন প্ৰদান কৰি আঁচনিৰ শুভাৰম্ভ কৰা হয় , পৰৱৰ্তী সময়ত আৰু ১০০ জন চিকিৎসক তথা চিকিৎসা কৰ্মী যিসকলে প্ৰথমে স্বইচ্ছাৰে ক’ভিড ১৯ ৰ প্ৰতিষেধক লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল তেওঁলোকক আজি ক’ভিড ১৯ প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

” পৰ্যায়ক্ৰমে এনেদৰে সকলোকে সামৰি ল’বলৈ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে নিজে সকলো‌ তদাৰক কৰা কথা উল্লেখ কৰি কয়  ” কভিড ১৯ ৰ যোদ্ধাসকলক প্ৰথমে আৰু দ্বিতীয় পৰ্যায়ত সেনাবাহিনীৰ লোকসকলক দিয়াৰ পিছত সাধাৰণ লোকৰ বাবেও ক’ভিড১৯ ৰ প্ৰতিষেধক মুকলি কৰা হ’ব ৷ “