শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / এক কোটি লৈ ধৰা পৰিল

এক কোটি লৈ ধৰা পৰিল

ৰেল বিভাগৰ মালিগাৱঁৰ বিষয়া পৰিল ফান্দত

গুৱাহাটী,১৭ জানুৱাৰী : ইণ্ডিয়ান ৰেলৱে ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ এগৰাকী বিষয়াক এক কোটি টকা উৎকোচ হিচাপে লোৱাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধানকাৰী বিভাগে গ্ৰেপ্তাৰ কৰিছে ৷ উত্তৰ পূব সীমান্ত ৰেলৱেৰ ঠিকা আৱন্টনৰ নামত এক কোটি টকা উৎকোচ লওঁতে মহেন্দ্ৰ সিং চৌহানক হাতেলোটে গ্ৰেপ্তাৰ কৰে সংস্থাটোৰ বিষয়াই ৷ মহেন্দ্ৰ সিংং চৌহান মালিগাঁও কাৰ্যালয়ত কৰ্মৰত ৷ আজি দেশৰ মুঠ ২০ টা স্থানত এই অভিযান চলোৱা বুলি বিভাগটোৰ ফালৰ পৰা জনোৱা হৈছে ৷ অসম,উত্তৰাখণ্ড,দিল্লীৰ বিভিন্ন অংশত এই অভিযান চলোৱা হৈছে ৷