শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / কাইলৈ ত্ৰিপুৰা বন্ধ

কাইলৈ ত্ৰিপুৰা বন্ধ

সভাপতিক আক্ৰমণৰ প্ৰতিবাদত এই বন্ধ

আগৰতলা,১৭ জানুৱাৰী : ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসক ‘বিজেপিৰ গুণ্ডা’ই আক্ৰমণ কৰা বুলি অভিযোগ তুলি কংগ্ৰেছ দলে কাইলৈ অৰ্থাৎ সোমবাৰে ১২ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বান জনাইছে ৷ ৰাজ্যখনৰ দলটোৰ উপসভাপতি তাপস দে’ই কয়“আমাৰ সভাপতিৰ ওপৰত যি আক্ৰমণ হ’ল সেইয়া বিজেপিৰ কিছুমান গুণ্ডাৰ দ্বাৰা সংঘটিত হৈছে ৷ আমি দলৰ তৰফৰ পৰা আৰক্ষী থানাত অভিযোগ দিলোঁ ৷ উপযুক্ত প্ৰমাণ দিয়াৰ পিছতো আৰক্ষীয়ে অভিযুক্তক আটক কৰা নাই ৷

সেয়ে আমি কাইলৈ ত্ৰিপুৰা বন্ধৰ আহ্বান জনাইছোঁ ৷ ““বিজেপি চৰকাৰে স্বেচ্ছাচাৰী শাসন চলাইছে ৷ গতিকে জনসাধাৰণেও এই চৰকাৰৰ বিৰোধিতা কৰিব লাগে ৷ এইয়া সময়ৰ দাবী”- এনেদৰে কয় উপসভাপতি গৰাকীয়ে ৷ আনহাতে,বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে কয় “আমি এই আক্ৰমণক গৰিহণা দিছোঁ ৷ নিৰপেক্ষ তদন্ত হোৱাতো বিচাৰিছোঁ ৷ কিন্তু কংগ্ৰেছ দলে কাইলৈ আহ্বান জনোৱা বন্ধ উঠাই লোৱা উচিত ৷ “