বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চাফাই গালে সঞ্চালকে

চাফাই গালে সঞ্চালকে

আইন শৃংখলাৰ বাবে সমালোচিত বিহাৰ

পাটনা,১৭ জানুৱাৰী : বিহাৰৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি বাৰে বাৰে সমালোচিত হৈ থকাৰ পিছত আজি বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছ কে সিংঘলে কয় যে পূৰ্বৰ সঞ্চালকপ্ৰধান গৰাকীৰ সময়তকৈ বৰ্তমান আইন শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে ৷ বিগত ২২ছেপ্তেম্বৰত সিংঘলে আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ ইয়াৰ আগৰ সঞ্চালকপ্ৰধান গৰাকীয়ে বিগত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ বাবে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল ৷

“মই যোৱা ছেপ্তেম্বৰত আৰক্ষী সঞ্চালক হিচাপে যোগদান কৰিলোঁ ৷ আপোনালোকে যদি ২০১৯ চনৰ অক্টোবৰ আৰু ২০২০ চনৰ অক্টোবৰৰ অপৰাধৰ পৰিসংখ্যা হিচাপ কৰে তেন্তে দেখিব যে বিগত বৰ্ষত ইয়াৰ সংখ্যা যথেষ্ট কম ৷ ”বিৰোধী দল বোৰে বিহাৰত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱা বুলি কঠোৰ সমালোচনা কৰি অহাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজহুৱা সভাৰ পৰাই আৰক্ষী সঞ্চালকগৰাকীৰ লগত বাৰ্তালাপ কৰিছিল আৰু আইন শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছিল ৷