দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Bihar  / বিহাৰক লাগে প্ৰবাসীৰ ধন !

বিহাৰক লাগে প্ৰবাসীৰ ধন !

বিনিয়োগকাৰীক আমন্ত্ৰণ জনালে নীতিশে

পাটনা,১৭ জানুৱাৰী : বিহাৰ ঝাৰখাণ্ড এচ’ছিয়েচন অব নৰ্থ আমেৰিকাৰ (বিজানা) দ্বাৰা আয়োজিত এক কাৰ্যসূচীত অংশ লৈ আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰবাসী ভাৰতীয়সকলক বিহাৰত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় “বিগত ১৫ বছৰত অভূতপূৰ্ব উন্নয়ন হৈছে বিহাৰৰ ৷ এতিয়া বিহাৰৰ ভিতৰুৱা অঞ্চলৰ পৰা বিহাৰৰ ৰাজধানী আহি পাবলৈ ৬ ঘণ্টা সময়ৰ প্ৰয়োজন হয় ৷ পাটনালৈ যাতে পাঁচ ঘণ্টাৰ ভিতৰত আহি পাব পাৰে তাৰো ব্যৱস্থা কৰি থকা হৈছে ৷

আমি কিবা উদ্যোগ প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় মাটি দিবলৈ প্ৰস্তুত আছোঁ ৷ আন সকলো ধৰণৰ সহযোগিতা আমি কৰিম ৷ মাথোন আপোনালোক আগবাঢ়ি আহক ৷ ”ইতিমধ্যে পৰ্যটন ক্ষেত্ৰখন আগুৱাই নিয়াৰ বাবে বিহাৰ চৰকাৰৰ তৰফৰপৰা যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “ ইতিমধ্যে ৰাজ্যত কেইবাখনো ইক’ পাৰ্ক নিৰ্মাণ হৈছে ৷ পাটনা,গয়া,নালন্দা আদি ঠাইত এই ইক’ পাৰ্ক নিৰ্মাণ কৰা হৈছে ৷ বাঘাহা নামৰ নেপাল সীমান্তৰ অঞ্চলটোও এডভেন্সাৰ স্পৰ্টচৰ বাবে মুকলি কৰা হৈছে ৷ “আনহাতে,বিজানাৰ সভাপতি অৱিনাশ গুপ্তাই কয় “ খুব কম দিনৰ ভিতৰত বিহাৰ চৰকাৰক তেওঁলোকে কিছু গঠনমূলক প্ৰস্তাৱ আগবঢ়াব ৷ ”