শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কৃষি মন্ত্ৰীৰ ‘গৃহ’তেই কৃষি মেলা

কৃষি মন্ত্ৰীৰ ‘গৃহ’তেই কৃষি মেলা

কৃষকৰ সমস্যা সমাধানেই লক্ষ্য

বোকাখাট,১৮ জানুৱাৰী : ২১ৰ পৰা২৩ জানুৱাৰীলৈ বোকাখাটত অনুষ্ঠিত  হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা। কৃষি মন্ত্ৰালয়, অসম আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই কৃষি মেলাত কৃষিৰ উন্নয়ন,কৃষি উদ্যোগৰ সম্প্ৰসাৰণ তথা উদ্যান শস্যৰ ওপৰত বিশেষজ্ঞ কৃষক তথা কৃষি বিজ্ঞানীৰ উপস্থিতিত কেইবালানিও আলোচনা অনুষ্ঠিত কৰাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাৰ অগতানুগতিক পৰামৰ্শ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ তৎপৰতাত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰথম দিনাই অনুষ্ঠিত কৰিব ‘ সম্ভাৱনাপূৰ্ণ কৃষি উদ্যোগীৰ মিলন সমাৰোহ।

‘বোকাখাটত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা সম্পৰ্কত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যূৎ চন্দন ডেকাই সাংবিদকৰ আগত কয়  ” অসম কৃষি বিশ্ববিদ্যালয়ে  কৃষি  উদ্যোগীৰ মিলন সমাৰোহ অনুষ্ঠিত কৰাৰ লগতে কৃষি উদ্যোগীৰ সহায় হোৱাকৈ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি নতুন আৰু ইতিমধ্যে সফল হোৱা উদ্যোগীৰ মাজত ভাৱৰ আদান- প্ৰদান কৰি সম্ভাৱনা আৰু প্ৰত্যাহ্বান সমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰা হ’ব।

এই কৰ্মশালাৰ জৰিয়তে যুগুত কৰা অনুমোদন সমূহ কৃষি মন্ত্ৰীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা হ’ব । তদুপৰি অহা ২৩ জানুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ত অৱস্থিত ‘নীতিহাব’ ৰ উদ্যোগত কৃষি উদ্যোগীৰ মাজত North East Agri Idea 2021 শীৰ্ষক এখনি প্ৰাইজমানি প্ৰতিযোগিতাৰ আয়োজনো কৰা হৈছে  এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০,০০০, দ্বিতীয় পুৰস্কাৰ ২৫,০০০ আৰু তৃতীয় পুৰস্কাৰ ১০,০০০ টকা। কৃষি উদ্যান মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ  দ্বাৰা উদ্ভাৱন কৰা বিভিন্ন প্ৰযুক্তিৰ প্ৰতিফলন হোৱাকৈ বিশাল প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ব। ”