বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নন্দীগ্ৰামতো উঠিব মমতা !

নন্দীগ্ৰামতো উঠিব মমতা !

শুভেন্দুৰ লগত ৰণৰ বাবে সাজু মমতা

কলকাতা,১৮ জানুৱাৰী : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব ৷ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে মমতা বেনাৰ্জীৰ নিজৰ সমষ্টি ভৱানীপুৰ৷নন্দীগ্ৰামৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱাৰ বিষয়টো উল্লেখ কৰি মমতা বেনাৰ্জীয়ে কয় “ নন্দীগ্ৰাম আৰু ভৱানীপুৰ মোৰ বাবে বাই ভনীৰ দৰে ৷

মই দুয়োটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াম ৷ মই ইতিমধ্যে দলৰ সভাপতি সুব্ৰত বক্সিক মোক নন্দীগ্ৰামত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে আহ্বান জনাইছোঁ ৷ ”উল্লেখযোগ্য যে নন্দীগ্ৰাম সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শুভেন্দু অধিকাৰীয়ে ইতিমধ্যে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে ৷