বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মাৰুতিৰো দাম বাঢ়িল

মাৰুতিৰো দাম বাঢ়িল

গাড়ী নিৰ্মাতাৰ দাম বৃদ্ধিৰ প্ৰতিযোগিতা

নতুন দিল্লী,১৮ জানুৱাৰী : দেশৰ সকলোতকৈ বেছি চাৰিচকীয়া তথা পৰিয়ালৰ ব্যৱহাৰৰ বাবে বিক্ৰী হোৱা আৰু সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰা মাৰুতি গাড়ীৰ দাম আজি প্ৰায় ৩৫ হাজাৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৰ কৰ্তপক্ষই ঘোষণা কৰিছে ৷ মূলতঃ বিগত মাহবোৰত বাহন নিৰ্মাণৰ বাবে ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ মূল্য যথেষ্ট বৃদ্ধি হোৱা বাবেই মাৰুতি গাড়ীৰ সকলো মডেলৰ গাড়ীৰ মূল্য আজিৰ পৰা ৩৫ হাজাৰ বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে বিগত এমাহত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা,টাটা ইত্যাদি প্ৰায় সকলো যাত্ৰীবাহী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কম-বেছি পৰিমাণে নিজৰ বাহনসমূহৰ মূল্য বৃদ্ধি কৰিছিল ৷ মাৰুতি প্ৰতিষ্ঠানৰ দৰে এই সমূহ যাত্ৰীবাহী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানেও বাহন নিৰ্মাণত ব্যবহৃত হোৱা কেঁচা সামগ্ৰীৰ বৰ্ধিত মূল্যৰ বাবেই বাহনৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে বুলি ঘোষণা কৰিছিল ৷ আনহাতে, একাংশ বিশেষজ্ঞই মত পোষণ কৰিছে যে ক’ভিড মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰৰেক্ষিতত সাধাৰণ ৰাইজৰ মাজত যথাসম্ভৱ ব্যক্তিগত বাহন যোগে যাতায়ত কৰাত গুৰুত্ব আৰোপ কৰাৰ মানসিকতা গঢ় লৈ উঠাত এতিয়া তাৰে সুবিধা গ্ৰহণ কৰিবলৈ যাত্ৰীবাহী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহিছে ৷