শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৯০% দুৰ্ঘটনা মানুহেহে কৰে

৯০% দুৰ্ঘটনা মানুহেহে কৰে

সদায় সতৰ্ক হোৱা উচিত

ছিমলা,১৮ জানুৱাৰী : আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ শুভাৰম্ভ অনুষ্ঠান উদ্বোধন কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কয় যে ৯০% দুৰ্ঘটনা সংঘটিত হয় কেৱল মানুহে কৰা ভুলৰ বাবে৷ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়“মানুহৰ বাবেই যিহেতু দুৰ্ঘটনা সংঘটিত হয় সেয়ে এই সুৰক্ষা কাৰ্যসূচী খুব গুৰুত্ব সহকাৰে পালন কৰি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত ৷

ঘাইকৈ চালকসকলক এই বিষয়ত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা উচিত ৷ তদুপৰি যিবোৰ অঞ্চলত সঘনাই দুৰ্ঘটনা সংঘটিত হয় তাত ফলক লগোৱা উচিত ৷ ”ৰাজ্যখনত মুঠ ১২.৭৫ লাখ লোকৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ আছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো লোককে সচেতন আৰু সতৰ্ক হৈ থাকিবলৈও আহ্বান জনায় ৷