সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / অৱশেষত মিত্ৰজোঁট হ’ল !

অৱশেষত মিত্ৰজোঁট হ’ল !

ছত্তীশগড় মডেল' হ’ব লক্ষ্য

মনালিছা গগৈৰ প্ৰতিবেদন, গুৱাহাটী,১৯ জানুৱাৰী : অসমত অহা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে সকলো দলে প্ৰস্তুতি চলাই থকা সময়তে  এবিপি  নিউজ  চি-ভোটাৰ সমীক্ষা প্ৰকাশ পাইছে ৷ এই সমীক্ষাত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক সৰ্বোচ্চ আসন দি সমীক্ষাটোৱে প্ৰকাশ কৰিছে এইবাৰো শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ ৷ সমীক্ষা অনুসৰি গণতান্ত্ৰিক মিত্ৰজোঁটে ৭৩ ৰ পৰা ৮১ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দল নেতৃত্বাধীন প্ৰগতিশীল মৰ্চাই ৩৬ ৰ পৰা ৪৪ খন আসন লাভ কৰিব ৷

এই সমীক্ষাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি অসমৰ কংগ্ৰেছ দলৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় সম্পাদক জীতেন্দ্ৰ সিঙে কয়“নিৰ্বাচনৰ দিন ঘোষণা নকৰোতেই কৰা এই সমীক্ষা একেবাৰে ভিত্তিহীন ৷ মানুহক বিপথে পৰিচালিত কৰাৰ বাবে বিজেপি দলে চলোৱা এইয়া এক পৰিকল্পিত প্ৰচেষ্টা ৷ ”বিজেপিৰ১০০+ আসন আৰু  শেহতীয়া সমীক্ষাৰ বিষয়ে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই কয়“বিজেপিৰ সেইয়া মুংগেৰীলাল কী হাচীন স্বপ্নে ৷ কোনো কাৰণতে সফল নহয় বিজেপি৷সমীক্ষা সমীক্ষা হৈয়ে ৰ’ব ৷ এইবোৰ কিছু চৰকাৰী মেডিয়াৰ দ্বাৰা চৰকাৰীভাৱে মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰাৰ প্ৰয়াস৷কংগ্ৰেছ দল ইয়াৰ বাবে শংকিত নহয় ৷

”আনহাতে,কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুত বৰদলৈয়েও এই সমীক্ষাত কোনোধৰণৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি কয় “এচাম সংবাদ মাধ্যমে চৰকাৰৰ হৈ কাম কৰি আছে ৷ অৰ্ণৱ গোস্বামীয়েই ইয়াৰ উৎকৃষ্ট প্ৰমাণ ৷ ”ইফালে সমীক্ষাক লৈ উৎফুল্লিত বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়“বিজেপি দলৰ লক্ষ্য হ’ল ১০০+ গতিকে ইয়াত কোনো সমীক্ষাৰ কথা নাই ৷ আমি আমাৰ লক্ষ্যত উপনীত হ’মেই আৰু নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিম ৷ ”ইফালে আজি হোটেল পেলেচিঅ’ত অনুষ্ঠিত এক বৈঠকত মহাজোঁট গঠনৰ কথা ঘোষণা কৰে কংগ্ৰেছ দলৰ নেতৃত্বাধীন ছয় দলৰ মিত্ৰজোঁটৰ নেতাই ৷ উক্ত হোটেলত কংগ্ৰেছৰ নেতৃত্বত এক বৈঠক অনুষ্ঠিত  হয়  আৰু উক্ত বৈঠকত কংগ্ৰেছ দলৰ চাৰিজন কেন্দ্ৰীয় নেতা  উপস্থিত থাকে ৷

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং,দলটোৰ মুখ্য পৰ্যবেক্ষক ভূপেশ  ৱাঘেল  আদি উপস্থিত থকা বৈঠকত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইউডিএফৰ প্ৰতিনিধি, অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চা,চিপিএম’ৰ হৈ হেমেন দাস,চিপিআই’ৰ হৈ মুনীন মহন্ত,চিপিআই(এল)ৰ প্ৰতিনিধি উপস্থিত থাকে ৷ অৱশ্যে এই মিত্ৰজোঁটৰ প্ৰতি কোনোধৰণৰ সমৰ্থন আগবঢ়োৱা নাই নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে৷অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়“কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নহয়৷গতিকে কংগ্ৰেছ দলৰ লগত হোৱাৰ কথাই নাহে ৷ ”আনহাতে,ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰে কয় “ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি যুঁজিম৷আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ কৰা হ’ব৷বিপিএফৰ লগতো ইতিমধ্যে আলোচনা চলি আছে ৷ ”উল্লেখযোগ্য যে গুজৰাট মডেল নহয় ছত্তীশগড় মডেলেৰে অসমত উন্নয়ন সাধন কৰা হ’ব বুলি কয় কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে ৷ আনহাতে,আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক যোগদান কাৰ্যসূচী৷উক্ত কাৰ্যসূচীত প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ আৰু অসম গণ পৰিষদৰ ভাৰতী শইকীয়াই কংগ্ৰেছ দলত যোগদান কৰে৷মীৰা বৰঠাকুৰে কয়“বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবলৈ হ’লে কংগ্ৰেছৰ দৰে বৃহৎ ৰাজনৈতিক শক্তিৰ দ্বাৰাহে ই সম্ভৱ হ’ব ৷”