শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Science & Tech  / ক’ভাস্কিন নল’ব !

ক’ভাস্কিন নল’ব !

কোম্পানীয়ে নিজেই দিলে সতৰ্কবাণী ৷

হায়দৰাবাদ,১৯ জানুৱাৰী : ভাৰতৰ প্ৰথম ক’ভিড ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে তেওঁলোকৰ দ্বাৰা উৎপাদিত ক’ভাস্কিন লোৱাৰ ক্ষেত্ৰত জনসাধাৰণক কিছু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷ সেই অনুসৰি যিসকল লোক যিকোনো ধৰণৰ এলাৰ্জী,জ্বৰ,আন ঔষধৰ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত তেওঁলোকক এই প্ৰতিষেধক লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ তদুপৰি কোম্পানীটোৰ ফালৰ পৰা গৰ্ভৱতী আৰু গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিকো প্ৰতিষেধক প্ৰদান নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷