শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপি শূণ্য হ’ব

বিজেপি শূণ্য হ’ব

নগাঁৱত ৰাইজৰ দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা

নগাঁও, ১৯জানুৱাৰী : বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৰ্তমান বৃদ্ধি পাব ধৰিছে ৰাজনৈতিক দল সমূহৰ তৎপৰতা। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱ গঠিত ৰাইজৰ দলে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । আজি নগাঁও সাহিত্য সভা ভৱনত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে জিলা কাৰ্যনিৰ্বাহক সভাখনত আৰু লগতে ‘কা’ ৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে । নাগৰিকত্ব সংশোধনী আইনক মূল অস্ত্ৰ হিচাপে লৈ বিজেপিক উৎখাতৰ সংকল্পও গ্ৰহণ কৰে কাৰ্যনিৰ্বাহক সভাই । নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়াই সংবাদ মাধ্যমৰ আগত  মন্তব্য  প্ৰকাশ কৰি কয় “ আগন্তুক বিধানসভা নিৰ্বাচনত নগাঁৱত বিজেপি শূণ্য হ’ব । বিজেপিয়ে টালি টোপোলা বান্ধি সাজু হ’বৰ হ’ল।” ৰাইজৰ দলৰ নগাঁও জিলা সভাপতি প্ৰবীণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীসহ কেইবাজনো নেতা উপস্থিত থাকে ৷