সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাৰতেও বিচৰা নাই

ভাৰতেও বিচৰা নাই

হোৱাটছ এপ’ৰ প্ৰস্তাৱিত নতুন নীতিৰ বিৰোধিতা

নতুন দিল্লী,১৯ জানুৱাৰীঃ সমগ্ৰ বিশ্বজুৰি বিগত বছৰ সমূহত সামাজিক মাধ্যম সাধাৰণ জনতাৰ ব্যক্তিগত তথা ৰাজহুৱা জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছে ৷ সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়াম বুলিলেই সৰ্বপ্ৰথমে ফেচবুক তথা হোৱাটছ এপ’ৰ কথা মনলৈ আহে ৷ কেইবছৰমান আগতে ফেচবুক কৰ্তৃপক্ষৰ দ্বাৰা হোৱাটছ এপ’ৰ মালিকীস্বত্ব ক্ৰয় কৰাৰ পাছত বিশ্বৰ আন দেশ সমূহৰ লগতে ভাৰত চৰকাৰৰো একেটা বহুজাতিক প্ৰতিষ্ঠানৰ দ্বাৰা ভাৰতৰ এক বুজন সংখ্যক সাধাৰণ নাগৰিকৰ ব্যক্তিগত তথা ৰাজহুৱা জীৱনৰ বহু তথ্য নখদৰ্পণত পৰিণত হৈ পৰা বিষয়টোৱে কিছু উৎকণ্ঠা সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷উল্লেখযোগ্য যে সদ্যহতে প্ৰায় ৪০কোটি ভাৰতীয়  হোৱাটছ এপ’ৰ সক্ৰিয় উপভোক্তা তথা প্ৰায় একে সংখ্যক লোকে ফেচবুক ব্যৱহাৰ কৰে ৷

গতিকে এই বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকৰ ব্যক্তিগত বা ৰাজহুৱা জীবনৰ তথ্য যাতে অপব্যৱহাৰ কৰিব নোৱাৰে,সেইবাবে ভাৰত চৰকাৰে যোৱা কেইবছৰমানৰ পৰা ফেচবুক তথা হোৱাটছ এপ’ৰ বিভিন্ন স্বকীয় নীতি-নিয়ম কঠোৰভাৱে পৰ্যালোচনা কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে হোৱাটছ এপ কৰ্তৃপক্ষৰ এক নতুন নীতি আগন্তুক ৭ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাৰ কথা আছিল যদিও বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে ভাৰতৰ সৰ্বসাধাৰণ জনতাৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি ভাৰত চৰকাৰেও আজি এক ইমেইল যোগে হোৱাটছ এপ কৰ্তৃপক্ষৰ পৰা ১৪টা বিষয়ত স্পষ্টীকৰণ বিচাৰিছে তথা এই ১৪টা বিষয়ৰ সুদুত্তৰ নিদিয়ালৈকে ভাৰতত নতুন স্বকীয় নীতি প্ৰয়োগ নকৰিবলৈ হোৱাটছ এপ কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৷ উল্লেখযোগ্য যে নতুন নীতিৰ ফলত বিশেষকৈ ব্যৱসায় সংক্ৰান্তীয় বহু তথ্য হোৱাটছ এপ কৰ্তৃপক্ষৰ নখদৰ্পনত আহিব যি ভাৰতীয় অৰ্থনীতি,ব্যৱসায় ইত্যাদিত বিৰূপ প্ৰভাব পেলাব বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে ৷