বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / লেৰেলা সাদৰ নালাগে !

লেৰেলা সাদৰ নালাগে !

আশা কৰ্মীয়ে প্ৰতিষেধক নলয় বোলে !

গুৱাহাটী,১৯ জানুৱাৰীঃ অসম তথা ভাৰতৰ অনান্য ৰাজ্যত চৰকাৰী স্বাস্থ্যখণ্ডৰ তৃণমূল পৰ্যায়ত আশাকৰ্মী সকলৰ অৱদান অনস্বীকাৰ্য ৷ অসমত সদ্যহতে ২০,০০০আশা কৰ্মী নিয়োজিত হৈ আছে ৷ কিন্তু অতি নামমাত্ৰ বেতনত (মাহিলি ৩০০০টকা ) তথা প্ৰয়োজনীয় পিপিই কিট পৰিধান নকৰাকৈয়ে ক’ভিড মহামাৰীৰ বিষয়ে ঘৰে ঘৰে গৈ মাতৃসকল ,পৰিয়ালৰ আন সদস্য সকলক মহামাৰীৰ ভয়াবহতা ,ল’বলগীয়া সাবধনতা ইত্যাদিৰ বিষয়ে সজাগতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এই আশাকৰ্মী সকলৰ প্ৰতি অসম চৰকাৰে মাহী আই সুলভ  আচৰণ কৰাৰ অভিযোগ নতুন নহয় ৷ বিশেষকৈ অসমত আশাকৰ্মী সকলৰ নিৰৱিচ্ছিন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে অসমত নৱজাতকৰ মৃত্যুৰ হাৰ উল্লেখযোগ্য ভাৱে হ্ৰাস হৈছে ৷ কিন্তু দীৰ্ঘসময় ধৰি অতি নগণ্য মাহিলি বেতনত কাম কৰি অহা এই আশাকৰ্মীসকলে এতিয়া চৰকাৰৰ পৰা মাহিলি ১০,০০০বেতন দাবী কৰিছে ৷ অন্যথা তেওঁলোকে ক’ভিডৰ প্ৰতিষেধক নলয় বুলি ঘোষণা কৰিছে ৷ আনহাতে যোৱা ১০জানুৱাৰীৰ পৰা চৰকাৰী কামত এই আশাকৰ্মী সকলে অসহযোগ কৰিছে ৷ তেওঁলোকৰ এই অসহযোগিতাৰ ফলস্বৰূপে চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ বাতৰি আহিছে তথা চৰকাৰী পক্ষৰ দ্বাৰা আশাকৰ্মী সকলক সৈমান কৰোৱাৰ প্ৰচেষ্টা চলিছে ৷ আগন্তুক দিনসমূহত অসমৰ আশাকৰ্মীসকলৰ এই পদক্ষেপে কি স্তৰলৈ গতি কৰে,সেইটো লক্ষণীয় হ’ব ৷