মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আইনী সুৰক্ষা লাগে ছিৰামক

আইনী সুৰক্ষা লাগে ছিৰামক

ভাৰত চৰকাৰে বিষয়টোত ফালৰি কাটিছে

নতুন দিল্লী,২০জানুৱাৰীঃ ইতিমধ্যে ভাৰতৰ দুই ক’ভিড প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেক তথা ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধক ভাৰতৰ বিভিন্ন অংশত সৰ্বসাধাৰণ লোকক প্ৰদান কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ কিন্তু এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ইতিমধ্যে দুজন ব্যক্তিৰ মৃত্যুৰ সংবাদ অহাৰ লগতে আন যথেষ্ট সংখ্যক লোকে বিভিন্ন পাৰ্শ্বক্ৰিয়া যেনে খজুৱতি,বিষ,মূৰঘূৰণি ইত্যাদি সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ৷ এনে পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ক’ভিডৰ প্ৰতিষেধক প্ৰস্তুতকাৰী উক্ত প্ৰতিষ্ঠান দুটাই পূৰ্বতে ভাৰত চৰকাৰৰ পৰা আইনী সুৰক্ষাৰ দাবী কৰিছিল যাতে প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে প্ৰতিষ্ঠান দুটাই ক্ষতিপূৰণ ভৰিবলগীয়া নহয় বা আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া নহয় ৷ কিন্তু ভাৰত চৰকাৰে ইতিমধ্যেই এই আইনী সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে ৷ তৎস্বত্বেও আজি পুনৰাই ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই পুনৰ ভাৰত চৰকাৰৰ ওচৰত প্ৰতিষেধকৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত আইনী সুৰক্ষাৰ দাবী উত্থাপন কৰিছে ৷ বাৰম্বাৰ এই আইনী সুৰক্ষাৰ দাবী উত্থাপন কৰাৰ বিষয়টোৱে এতিয়া সাধাৰণ লোকৰ মনত ক’ভিডৰ প্ৰতিষেধকৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷